বাক্সাৰ বাগানপাৰাত নৃশংস আৰু জঘন্য ঘটনা। এগৰাকী ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ৷ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাত দেওবাৰে নিশা সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো৷ আজি পুৱা ধাননিৰ মাজত যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে পোহৰলৈ আহে সকলো ঘটনা৷
জানিব পৰা মতে, আজি পুৱা যুৱতীগৰাকীৰ মাতৃয়ে নিজ কন্যাক ঘৰত নেদেখি ওচৰে- পাজৰে খবৰ লোৱাৰ সময়তে পোহৰলৈ আহে ঘটনাটো৷ মাতৃয়ে জানিবলৈ দিয়া মতে, দেওবাৰে নিশা ভাত–পানী খাই শুই পৰিছিল। পুৱা বিচনাত কন্যাক নেদেখি বিচাৰ–খোচাৰ কৰাত তেওঁলোকৰ ধাননি পথাৰত উলংগ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। পিছত ঘটনা সম্পৰ্কত বৰবৰী আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷
উল্লেখ্য যে যুৱতীগৰাকীৰ মৃতদেহত নাছিল কোনো কাপোৰ৷ সম্পূৰ্ণ নগ্ন অৱস্থাত ধাননি পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি সেয়া দলৱদ্ধ ধৰ্ষণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে৷ পৰিয়ালে জানিবলৈ দিয়া মতে, নিশাই সংঘটিত হৈছে ঘটনাটো৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ম়ৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷ ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি আদিবাসী ছাত্ৰ সন্থাই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ আৰক্ষী–প্ৰশাসনক দাবী জনাইছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|