১৬ বছৰ নহয়, ২৬ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল এগৰাকী ছাত্ৰী। সদ্যঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ল কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰুনজুন বৰুৱা নামৰ ছাত্ৰীগৰাকী। আৰ্থিক দীনতাৰ বাবে দহ বছৰ পূৰ্বে নৱম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰী ৰুনজুন বৰুৱাই এৰিব লগা হৈছিল বিদ্যালয়। মাত্ৰ তিনিটা মাহ বিদ্যালয়লৈ গৈ দশম শ্ৰেণীত অধ্যয়নৰত ৰুনজুনে ত্যাগ কৰিব লগা হৈছিল বিদ্যালয়। আৰ্থিক দীনতা তথা ঘৰুৱা অসুবিধাৰ বাবে আধৰুৱা হৈছিল শিক্ষা।
নৱম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ বিচাৰি বিদ্যালয়লৈ যোৱা ৰুনজুন বৰুৱাক মেট্ৰিক পৰীক্ষা দিবলৈ পৰামৰ্শ দিলে বিদ্যালয়ৰ কেইবাজনো শিক্ষকে। পৰীক্ষাৰ বাবে সকলো সা-সুবিধাৰ লগতে টিউচনৰো ব্যৱস্থা কৰি দিয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে।
শিক্ষকৰ পৰামৰ্শ আৰু সহায়-সহযোগিতা লাভ কৰি ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ল ৰুনজজন। পৰীক্ষা ফলাফল আহিল। দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ল দহ বছৰ পূৰ্বে বিদ্যালয় এৰা ৰুনজুন। ৰুনজুনৰ ঘৰখনত বৈছে এতিয়া আনন্দৰ বন্যা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 24, 2023, 16:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।