সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত পৌৰসভাৰ এলেকাৰ শিঙৰীতলীৰ ১৬নং ৱাৰ্ডৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী বিগত পাঁচ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে, অঞ্চলটোৰ নিৱাসী কমৰউদ্দিন লস্কৰৰ ১৩ বছৰীয়া কন্যা তৃষ্ণা বৰুৱা যোৱা ২৬ নৱেম্বৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে (girl missing since November 26)।
ঘৰত মোবাইল চাই থকাত মাতৃয়ে গালি দি পঢ়িবলৈ দিয়াৰ পিছতে মাক ৰান্ধনী শাললৈ যোৱাৰ সময়তে কন্যাগৰাকী ঘৰৰ পৰা ওলাই যায়।
সোণাৰি পদ্মকুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ বিগত পাঁচ দিন ধৰি বিচাৰ-খোঁচাৰ কৰি কোনো শুংসূত্ৰ নোপোৱাত পিতৃ মাতৃয়ে উপায়হীন হৈ কালি সোণাৰি আৰক্ষী থানা (Sonari police station)ত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । অভিভাৱকে সন্দেহ কৰা মতে ঘৰৰ পৰা ৰাজপথলৈ ওলাই অহাৰ সময়তে কোনো লোকে কিশোৰী গৰাকীক অপহৰণ কৰি নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে। কান্দোনত ভাগি পৰা দুৰ্ভগীয়া মাতৃৰ প্ৰশাসনলৈ কাতৰ অনুৰোধ- সোনকালে ঘৰলৈ উভতি আহক তেওঁৰ কন্যা ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|