உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিশ্বনাথ চাৰিআলিত বোৰ্খা নিপিন্ধি জিন্স পেণ্ট পিন্ধা বাবেই ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে যুৱতীক

    বিশ্বনাথ চাৰিআলিত বোৰ্খা নিপিন্ধি জিন্স পেণ্ট পিন্ধা বাবেই ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে যুৱতীক

    একেটা অঞ্চলৰে নুৰুল আমিন নামৰ ব্যক্তিগৰাকীয়ে বোৰ্খাৰ সলনি  জিন্স পেণ্ট পৰিধান কৰাৰ বাবে অপদস্থ কৰে যুৱতীগৰাকীক৷ ২৫ অক্টোবৰৰ সন্ধিয়া সংঘটিত হয় এই ঘটনাটো।

    একেটা অঞ্চলৰে নুৰুল আমিন নামৰ ব্যক্তিগৰাকীয়ে বোৰ্খাৰ সলনি  জিন্স পেণ্ট পৰিধান কৰাৰ বাবে অপদস্থ কৰে যুৱতীগৰাকীক৷ ২৫ অক্টোবৰৰ সন্ধিয়া সংঘটিত হয় এই ঘটনাটো।

    একেটা অঞ্চলৰে নুৰুল আমিন নামৰ ব্যক্তিগৰাকীয়ে বোৰ্খাৰ সলনি  জিন্স পেণ্ট পৰিধান কৰাৰ বাবে অপদস্থ কৰে যুৱতীগৰাকীক৷ ২৫ অক্টোবৰৰ সন্ধিয়া সংঘটিত হয় এই ঘটনাটো।

    • Share this:
    বোৰ্খা পৰিধান নকৰাক কেন্দ্ৰ কৰি এগৰাকী মুছলমান যুৱতীক অপদস্থ কৰি গতিয়াই ঘৰৰ পৰা উলিয়াই দিয়া এক ঘটনা সংঘটিত হৈছে এইখন অসমতে ৷ বোৰ্খা পৰিধান নকৰি জিন্স পেণ্ট পৰিধান কৰাটোৱেই অপৰাধ হ'ল যুৱতীগৰাকীৰ৷ বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰৰ সমীপৰ ১২নং ৱাৰ্ডৰ এগৰাকী যুৱতীয়ে বোৰ্খাৰ সলনি জিন্স পেণ্ট পৰিধান কৰাৰ বাবে মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে অশ্লীল গালি–গালাজ পৰাৰ অভিযোগ উঠিছে৷

    একেটা অঞ্চলৰে নুৰুল আমিন নামৰ ব্যক্তিগৰাকীয়ে বোৰ্খাৰ সলনি জিন্স পেণ্ট পৰিধান কৰাৰ বাবে অপদস্থ কৰাৰ অভিযোগ যুৱতীগৰাকীক৷ ২৫ অক্টোবৰৰ সন্ধিয়া সংঘটিত হয় এই ঘটনাটো। কেৱল এই ঘটনাই নহয় পূৰ্বেও অঞ্চলটোৰ আন কেইবাগৰাকীও যুৱতীক বোৰ্খা পৰিধান নকৰাৰ বাবে অপদস্থ কৰা অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে নুৰুল আমিনৰ পৰিয়ালটো জড়িত৷ নিজৰ ঘৰতে ম’বাইল এছেৰিচসমূহ মজুত কৰি ৰাখি বিক্ৰী কৰে নুৰুল আমিনৰ দুই পুত্ৰই৷

    যুৱতীগৰাকীয়ে ম’বাইলৰ হেডফোন ক্ৰয় কৰিবলৈ গৈছিল লোকজনৰ ঘৰলৈ৷ নগাঁও জিলাৰ পৰা অহি ব্যৱসায় কৰা নুৰুল আমিনৰ পৰিয়ালটো ভাৰাতীয়া হিচাপে আছে বিশ্বনাথ চাৰিআলিত৷ আনহাতে, এই ঘটনাৰ পিছতে যুৱতীগৰাকীয়ে কান্দি কান্দি ঘৰত উপস্থিত হয়৷ ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছত যুৱতীগৰাকীৰ পিতৃয়ে ঘটনাটোৰ প্ৰতিবাদ জনাই নুৰুল আমিনক জবাবদিহি কৰাত ক্ষুব্ধ হৈ পৰে তেওঁৰ দুই পুত্ৰ৷ ২৯ অক্টোবৰৰ দিনা খৰ্গহস্ত হৈ থকা তেওঁৰ পুত্ৰ ৰাফিকুল ইছলামে যুৱতীগৰাকীৰ পিতৃক বাটত আগচি ধৰি মাৰপিট কৰাৰ অভিযোগ উঠিছে৷

    ইতিমধ্যে, সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ ভাৰতীয় দণ্ড বিধিৰ 341/294/323/34 ধাৰাৰ অধীনত 415/21 নম্বৰৰ এটা গোচৰ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত পঞ্জীয়ন হৈছে৷ ইফালে আৰক্ষীয়ে নুৰুল আমিন আৰু পুত্ৰ ৰাফিকুল ইছলাম দুয়োজনকে আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ লগত সংঘটিত এই ঘটনাই সমগ্ৰ বিশ্বনাথ চাৰিআলিতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
    Published by:Sanjay Kumar Das
    First published: