অংকিতাই অমিতৰ ওচৰলৈ যোৱাৰ লগে লগে কিছু দূৰলৈ টানি নি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে।
অংকিতাই অমিতৰ ওচৰলৈ যোৱাৰ লগে লগে কিছু দূৰলৈ টানি নি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে।
ওদালগুৰি জিলাৰ খৈৰাবাৰীত প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে এজন যুৱকে। খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী অংকিতা পালক হত্যা কৰিলে অমিত ভদ্ৰ নামৰ এজন যুৱকে।
বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই নৃশংস ঘটনা। খৈৰাবাৰী নিবাসী ৰাম প্ৰসাদ পালৰ কন্যা অংকিতাক কামৰূপ জিলাৰ পলাশবাৰী নিবাসী ৰমা ভদ্ৰৰ পুত্ৰ অমিত ভদ্ৰই কেইবাবাৰো প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু অংকিতাই বাৰে বাৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।
কিন্তু প্ৰেম প্ৰত্যাখ্যানত হতাশ অমিতে খৈৰাবাৰীৰ ওচৰৰ বটামাৰী গাঁৱৰ সম্পৰ্কীয় লোকৰ ঘৰত কেইবাদিনো ধৰি বাহৰ পাতি আছিল আৰু অংকিতাক লগ ধৰাৰ চেষ্টা চলাই আছিল। বৃহস্পতিবাৰে নিশা অমিতে শেষবাৰৰ বাবে লগ ধৰাৰ প্ৰস্তাৱ দি ফোন কৰি ঘৰৰ পিছফালে অংকিতাক মাতি নিয়ে। অংকিতাই অমিতৰ ওচৰলৈ যোৱাৰ লগে লগে কিছু দূৰলৈ টানি নি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে।
এই ঘটনাৰ পিছতে নিশাই বাইকেৰে পলাশবাৰীৰ ঘৰলৈ পলায়ন কৰে অমিতে। খৈৰাবাৰী আৰক্ষীৰ তৎপৰতাত পলাশবাৰী আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰে অমিত ভদ্ৰক। শুকুৰবাৰে হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল হৈ পৰে খৈৰাবাৰী। কেইবাটাও দল–সংগঠনে প্ৰতিবাদী সমদল উলিয়াই হত্যাকাৰীৰ ফাঁচিৰ দাবী তোলে।
আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ পৰা অংকিতাৰ নশ্বৰ দেহ ঘৰলৈ অনা হয়। অংকিতাৰ নশ্বৰ দেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত। পিছত ৰাইজৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|