অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত অপহৰণকাৰী জাহেৰুল ইছলাম। কিছুদিন পূৰ্বে অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ পৰা এগৰাকী কিশোৰী অপহৰণকাৰী জাহেৰুলক আৰক্ষীয়ে আটক কৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পৰা (Girl Kidnapper Nabbed by Sonari police)।
চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰশমণি তালিবাৰ নেতৃত্বত আৰু অভয়াপুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ যোৱা আৰক্ষীৰ দলে অপহৰণকাৰীৰ সন্ধানত চলোৱা এক অভিযানত আটক হয় কুখ্যাত অপহৰণকাৰীটো।
আৰক্ষীৰ অভিযান সন্দৰ্ভত আগতীয়াকৈ উমান পাই পলাবলৈ চেষ্টা কৰা কুখ্যাত অপৰাধী তথা চৰাইপুঙৰ কিশোৰী অপহৰণকাৰী জাহেৰুল ইছলামক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী। ইফালে আৰক্ষীয়ে কুখ্যাত অপহৰণকাৰীটোৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অপহৃত কিশোৰীগৰাকীক৷ কুখ্যাত অপহৰণকাৰীটোক এতিয়া ৰখা হৈছে আৰক্ষীৰ জিম্মাত৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|