চোৰৰ আক্ৰমণত কিশোৰীগৰাকী আহত হোৱা ঘটনাক লৈ বৰপেটা চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
চোৰৰ আক্ৰমণত কিশোৰীগৰাকী আহত হোৱা ঘটনাক লৈ বৰপেটা চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
বৰপেটা চহৰত চাঞ্চল্যকৰ ঘটনা৷ বৰপেটাৰ বিলৰটাৰী হাটীৰ ৰাজেশ দাসৰ ঘৰত চোৰৰ লুটপাত। চোৰৰ আক্ৰমণত ৰাজেশ দাসৰ কন্যা আহত৷ চোৰে লুটি নিয়ে নগদ ৬৯ হাজাৰ টকাসহ বহু পৰিমাণৰ সোণৰ গহণা৷
চোৰৰ আক্ৰমণত কিশোৰীগৰাকী আহত হোৱা ঘটনাক লৈ বৰপেটা চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চোৰে কিশোৰীগৰাকীৰ দুয়োখন হাততে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে৷ আনকি কিশোৰীগৰাকীৰ ডিঙিতো কাটিবলৈ চেষ্টা কৰা বুলি কয় কশোৰীগৰাকীয়ে ৷ আহত কিশোৰীগৰাকীৰ নাম ছাইনী কাশ্যপ৷
সন্ধিয়াৰ ভাগত নিজ ঘৰতে চোৰৰ আক্ৰমণৰ সন্মুখীন হোৱা কিশোৰীগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসা প্ৰদান কৰা হয়৷ মঙলবাৰে সন্ধিয়া ৰাজেশ দাসৰ ঘৰত কোনো নথকা অৱস্থাতে সংঘটিত হয় এই ঘটনা৷ কিশোৰীগৰাকী টিউচনৰ পৰা আহি ঘৰ সোমায়ে ঘৰৰ ভিতৰত দুজন যুৱকক আলমিৰা খুলি থকা দেখা পায়৷ যুৱক দুজনে আলমিৰা খুলি টকা আৰু সোণৰ গহণা লুট কৰাৰ লগতে কিশোৰীগৰাকীক টকা আৰু সোণ ক'ত আছে উলিয়াই দিবলৈ কয়৷
কিশোৰীজনীয়ে আৰু অন্য ঠাইত টকা আৰু সোণ নাই বুলি কোৱাত যুৱক দুজনে চোকা অস্ত্ৰৰে কিশোৰীগৰাকীক আক্ৰমণ কৰে৷ সেই সময়তে কিশোৰীজনীৰ মোবাইলত ফোন অহাত তাই ফোনতে চোৰ বুলি চিঞৰি দিয়াত চোৰে পলায়ন কৰে৷ পৰিয়ালৰ লোকে জনোৱা মতে, ৰাজেশ দাসৰ ঘৰৰ পিচফালৰ দুৱাৰেৰে চোৰ সােমাই নগদ ধন আৰু সোণৰ গহণা লুট কৰি নিয়াৰ লগতে ৰাজেশ দাসৰ কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|