বিহু চাবলৈ যোৱা যুৱতীক দলৱদ্ধ বলাৎকাৰ, হত্যাৰ ভাবুকি

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তপন দাস নামৰ এটা অভিযুক্ত লম্পটক, আন দুটা এতিয়াও পলাতক।

news18assam
Updated:April 29, 2019, 11:44 AM IST
বিহু চাবলৈ যোৱা যুৱতীক দলৱদ্ধ বলাৎকাৰ, হত্যাৰ ভাবুকি
দলৱদ্ধ বলাৎকাৰৰ অভিযুক্ত তপন দাস
news18assam
Updated: April 29, 2019, 11:44 AM IST
ৰাজ্যত পুনৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা। হোজাইৰ পাছত বাক্সাৰ দুবাত সংঘটিত হৈছে জঘন্য ঘটনা। বিহুৰ অনুষ্ঠান চাবলৈ যোৱা যুৱতীক দলৱদ্ধ বলাৎকাৰ কৰিলে ৩টা নৰপিশাচে। শনিবাৰে নিশা সংঘটিত হয় এই জঘন্য ঘটনাটো। অসহায় যুৱতীগৰাকীক হত্যাৰো ভাবুকি দিয়ে নৰপিশাচকেইটাই। ঘটনা সন্দৰ্ভত শিমলা থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তপন দাস নামৰ এটা অভিযুক্ত লম্পটক। ধৃত তপন দাসৰ ঘৰ সাদেৰীত। বিগত দুবছৰে প্ৰেমৰ প্ৰস্তাৱ দি যুৱতীগৰাকীক হাৰাশাস্তি কৰি আহিছিল যুৱকজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি