உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাটিং–এমব্ৰইডাৰী প্ৰশিক্ষণ সামৰি প্ৰেমিকৰ সৈতে ফোনত কথা পাতি ঘৰলৈ উভতিছিল নেহা, সেই সময়তে প্ৰেমিকে শুনিছিল নেহাৰ আৰ্তনাদ, মহানগৰীৰ যুৱতী হত্যাৰ বিস্ফোৰক তথ্য

    কাটিং–এমব্ৰইডাৰী প্ৰশিক্ষণ সামৰি প্ৰেমিকৰ সৈতে ফোনত কথা পাতি ঘৰলৈ উভতিছিল নেহা, সেই সময়তে প্ৰেমিকে শুনিছিল নেহাৰ আৰ্তনাদ, মহানগৰীৰ যুৱতী হত্যাৰ বিস্ফোৰক তথ্য

    মহানগৰ আৰক্ষীয়ে তদন্তৰ খাটিৰত কোনো তথ্য প্রকাশ কৰা নাই যদিও হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ৯জন লোকক সোধা–পোছা অব্যাহত ৰাখিছে৷

    মহানগৰ আৰক্ষীয়ে তদন্তৰ খাটিৰত কোনো তথ্য প্রকাশ কৰা নাই যদিও হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ৯জন লোকক সোধা–পোছা অব্যাহত ৰাখিছে৷

    মহানগৰ আৰক্ষীয়ে তদন্তৰ খাটিৰত কোনো তথ্য প্রকাশ কৰা নাই যদিও হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ৯জন লোকক সোধা–পোছা অব্যাহত ৰাখিছে৷

    • Share this:
    ৰঙালী বিহুৰ আনন্দ–উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীৰ পাটৰকুছিৰ নেহা কুমাৰী নামৰ ২০ বছৰীয়া যুৱতীগৰাকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ যোৱা ১৩ এপ্রিলত পাটৰকুছিৰ এটা পিতনিত অর্ধনগ্ন অৱস্থাত নেহাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে৷

    মহানগৰ আৰক্ষীয়ে তদন্তৰ খাটিৰত কোনো তথ্য প্রকাশ কৰা নাই যদিও নেহা কুমাৰীৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত এতিয়ালৈকে ৯জন লোকক সোধা–পোছা অব্যাহত ৰাখিছে৷

    ১০ এপ্রিলৰ দুপৰীয়া নেহাই কাটিং এণ্ড এম্ব্রইডাৰীৰ প্রশিক্ষণ সামৰি দিল্লীস্থিত প্রেমিক ৰাহুল গুপ্তাৰ সৈতে ফোনত কথা পাতি ঘৰলৈ গৈ আছিল৷ ফোনত কথা পাতি থকাৰ সময়তে ৰাহুলে নেহাৰ চিঞৰ শুনা পাইছিল৷ ইয়াৰ ঠিক কিছু সময়ৰ পিছতে দুপৰীয়া প্রায় ১.৪৮ বজাত নেহাৰ ফোনৰ ছুইচ অফ হৈ পৰিছিল৷

    আৰক্ষীয়ে এই কথাৰ আঁত ধৰি প্রেমিক ৰাহুলক গুৱাহাটীলৈ মাতি পঠিয়াইছিল৷ আৰক্ষীৰ নির্দেশমর্মে প্রেমিকা নেহাৰ হত্যাকাৰীক বিচাৰি উলিওৱাত সহায় কৰিবলৈ দেওবাৰে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় ৰাহুল৷

    বশিষ্ঠ থানাত ৰাহুল উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে ৰাহুলক লৈ নেহাৰ ফোনৰ অৱস্থিতি পর্যবেক্ষণ কৰি পাটৰকুছিৰ উক্ত ঠাইডোখৰত উপস্থিত হয়৷ আৰক্ষীয়ে ৰাহুলক নেহাৰ অর্ধনগ্ন মৃতদেহ উদ্ধাৰ হোৱা পিতনি আৰু পৰিধান কৰা পোছাক উদ্ধাৰ হোৱা স্থানডোখৰ দেখুৱায়৷ শোকবিহ্বল ৰাহুলে আৰক্ষীক নেহাৰ হত্যাকাৰীক শীঘ্রে কৰায়ত্ত কৰাৰ কাতৰ আহ্বান জনায়৷

    মহানগৰ আৰক্ষীৰ এক শীর্ষসূত্রই নেহাৰ হত্যা সন্দর্ভত কেতবোৰ বিস্ফোৰক তথ্য প্রকাশ কৰিছে৷ ১০ এপ্রিলত নেহাৰ ফোনৰ ছুইচ বন্ধ হোৱাৰ পিছতে নেহাৰ মাতৃক ৰাহুলে এই কথা অৱগত কৰিছিল৷ দিনৰ ১.৪৮ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈকে নেহাৰ মাতৃয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাছিল৷ কিন্তু সন্ধিয়া প্রায় ৬.৩০ বজাত নেহাৰ মাতৃয়ে বশিষ্ঠ থানাত নেহা নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে৷

    উক্ত এজাহাৰৰ ভিত্তিত ৩৪৬/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল৷ কিন্তু আৰক্ষীয়ে নেহাৰ সন্ধান উলিয়াব পৰা নাছিল৷ ১৩ এপ্রিলত পাটৰকুছিৰ পিতনিত উদ্ধাৰ হোৱা এটা অর্ধনগ্ন মৃতদেহটো নেহাৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে৷ বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰাৰ পিছতে ৰহস্যজনকভাৱে নেহাৰ মাতৃ ৰহস্যজনকভাৱে অন্তর্ধান হৈ দুদিন ঘৰত নাছিল৷ উক্ত দুটা দিন নেহাৰ মাতৃ ক’ত আছিল সেই সন্দর্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

    ইয়াৰ উপৰি নেহাৰ মাতৃয়ে জনৈক ভট্টাচার্য উপাধিৰ এজন লোকৰ সৈতে অবৈধ সম্পর্ক বজাই ৰখাৰ অভিযোগ কৰিছিল স্থানীয় ৰাইজে৷ ৰাইজৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে নেহাৰ মাতৃ, জনৈক ভট্টাচার্যকে ধৰি ৯জন লোকক নেহাৰ হত্যাকাণ্ড সন্দর্ভত সোধা–পোছা অব্যাহত ৰাখিছে৷ নেহাৰ মৃতদেহ আৰু কাপোৰ উদ্ধাৰ হোৱা স্থানত আৰক্ষীয়ে উদ্ধাৰ কৰা চেণ্ডেলৰ গৰাকীক বিচাৰিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

    নেহাক মৃত্যুৰ পূর্বে ধর্ষণ কৰা হৈছিল নেকি, সেই তথ্য মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিকৰ প্রতিবেদন পোৱাৰ পিছতহে নিশ্চিত হ’ব পৰা যাব৷ ১০ এপ্রিলৰ দুপৰীয়া ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা নেহাৰ মৃতদেহ ১৩ এপ্রিলৰ পুৱা পাটৰকুছিৰ পিতনিত আৰক্ষীয়ে উৱলি যোৱা অৱস্থাতহে উদ্ধাৰ কৰিছিল৷
    Published by:Sanjay Kumar Das
    First published: