• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ জালুকবাৰীত ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী যুৱতী, উত্তাৰ পৰিৱেশ

মহানগৰীৰ জালুকবাৰীত ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী যুৱতী, উত্তাৰ পৰিৱেশ

আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

  • Share this:
মহানগৰীৰ জালুকবাৰী ফৰেষ্ট স্কুলৰ সমীপত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।ট্ৰাকে মহতিয়াই নিয়ে এগৰাকী  স্কুটী আৰোহী যুৱতীক। থিতাতে নিহত হয় ধাৰাপুৰ বৰীপৰাৰ সুমন বৈশ্য নামৰ যুৱতীগৰাকী। যুৱতীগৰাকীয়ে কৰ্মস্থানৰ পৰা নিজ গৃহলৈ উভতি আহি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

ফলত স্থানীয় উত্তেজিত ৰাইজে পথ অৱৰোধ কৰাত কেইবাঘণ্টা ধৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ। AS 01 DC  9915 নম্বৰৰ ট্ৰাকে মহতিয়াই নিয়ে AS 01 DB 1869 নম্বৰৰ স্কুটীখনৰ আৰোহী যুৱতীগৰাকীক। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয় যদিও বহু সময়লৈ উত্তপ্ত হৈ থাকে পৰিস্থিতি। আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
Published by:Sanjay Kumar Das
First published: