মুখ্যপৃষ্ঠা »খবৰ »অসম »Tamulpur News : টিউচনলৈ আহি ঘৰলৈ ঘূৰি যাব নোৱাৰিলে হিমানী, ৰাজপথত পৰি ৰ’ল নিথৰ দেহ

Tamulpur News : টিউচনলৈ আহি ঘৰলৈ ঘূৰি যাব নোৱাৰিলে হিমানী, ৰাজপথত পৰি ৰ’ল নিথৰ দেহ

গোপালপুৰ আদৰ্শ হাইস্কুলত দশম শ্ৰেণীত অধ্যয়নৰত হিমানী দাসৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলীত।

  • Share this:
তামুলপুৰৰ দ্বাৰকুছিত আজি পুৱাৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী। তীব্ৰবেগী বাছৰ খুন্দাত মৃত্যুক সাবটি লয় ছাত্ৰীগৰাকীয়ে। জানিব পৰা মতে, আজি পুৱা ডেফেলী গাঁৱৰ প্ৰাণেশ্বৰ দাসৰ কন্যা হিমানী দাসক (১৪) টিউচনলৈ যোৱাৰ পথত দ্বাৰকুছিত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত AS25 AC 5970 নম্বৰৰ এখন আলট্ৰা বাছে মহতিয়াই লৈ যায়।

গোপালপুৰ আদৰ্শ হাইস্কুলত দশম শ্ৰেণীত অধ্যয়নৰত হিমানী দাসৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলীত। ক্ষুব্ধ স্থানীয় লোকসকলে বন্ধ কৰি দিয়ে ঘাইপথ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। উল্লেখযোগ্য যে আৰক্ষীৰ চকীৰ ৫০ মিটাৰ দূৰত্বত এই পথ দুৰ্ঘটনা সংঘটিত হয় যদিও আৰক্ষীয়ে বহু সময়লৈ পথ দুৰ্ঘটনাৰ খৱৰ লাভ নকৰাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। শীঘ্ৰে উক্ত স্থানত পথত গতিৰোধকৰ ব্যৱস্থা কৰাৰ লগতে মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় স্থানীয় ৰাইজে।

শেহতীয়া বাতৰি