বাক্সাৰ মুছলপুৰত পথ দুৰ্ঘটনাত নিহত যুৱতী ৷ মুছলপুৰ-দাৰাগাঁও পথত আজি সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হয় নৱনীতা দেৱনাথ(২৫) নামৰ এগৰাকী যুৱতী। AS15 S 5898 নম্বৰৰ স্কুটীৰে বন্ধু-বান্ধৱীৰ সৈতে পাঠশালাৰ পৰা দাৰাগাঁৱলৈ আহি আছিল যুৱতীগৰাকী (Road Accident at Musalpur) ৷
সন্ধিয়া উভতি আহোঁতে অচিনাক্ত টাটা মেজিক বাহন এখনে পিছফালৰ পৰা মহটিয়াই নিয়ে স্কুটীখনক ৷ ফলত থিতাতে নিহত হয় যুৱতীগৰাকী (Girl death) ৷ দুৰ্ঘটনাৰ ফলত যুৱতীগৰাকীৰ সৈতে স্কুটীত উঠি যোৱা কৰবী ৰয় নামৰ আন এগৰাকী যুৱতীও আহত হয় ৷ নিহত যুৱতীগৰাকীৰ ঘৰ নগাঁওত আৰু পাঠশালাৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷