মহানগৰীত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল যুৱতীৰ, বলেৰ’ পিকআপ ভানে মহতিয়ালে ই–ৰিক্সা আৰু স্কুটী আৰোহীক

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা পিকআপ ভানখনৰ চালক অজিত সিঙক নালাপাৰাত গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।

News18-Assam
Updated:November 3, 2019, 8:30 AM IST
মহানগৰীত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল যুৱতীৰ, বলেৰ’ পিকআপ ভানে মহতিয়ালে ই–ৰিক্সা আৰু স্কুটী আৰোহীক
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা পিকআপ ভানখনৰ চালক অজিত সিঙক নালাপাৰাত গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।
News18-Assam
Updated: November 3, 2019, 8:30 AM IST
মহানগৰীৰ গেম ভিলেজৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। জালুকবাৰী অভিমুখী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। এখন নম্বৰ প্লেটবিহীন বলেৰ’ পিকআপ ভানে মহতিয়াই নিলে ই–ৰিক্সা আৰু স্কুটী আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী ছুইটী নাথ নামৰ যুৱতীগৰাকীৰ। আন এগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত। আহত গংগা দেৱী ৰাভাক ভৰ্তি কৰোৱা হৈছে হেল্থ চিটী হাস্পতালত। ইফালে, দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা পিকআপ ভানখনৰ চালক অজিত সিঙক নালাপাৰাত গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি