ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি চিকিৎসকগৰাকীৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ৷
ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি চিকিৎসকগৰাকীৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ৷
চিকিৎসকৰ ভুল চিকিৎসাৰ বাৱেই পুনৰ প্ৰাণ গ'ল এগৰাকী ৭ বছৰীয়া কণমানিৰ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সংঘটিত হ'ল এই ঘটনাটো৷ নাজিৰাৰ গেলেকীৰ পংকজ দুৱৰা আৰু সুস্মিতা হাজৰিকা দুৱৰাৰ একমাত্ৰ কন্যা ৰিদিশা প্ৰিয়া দুৱৰাৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে কণমানিজনীৰ উন্নত চিকিৎসাৰ বাৱে সোণাৰিৰ ৰজাপুখুৰীতস্থিত মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু ৰজাপুখুৰীত চিকিৎসক নাই বুলি কোনো লোকে কোৱাত সাপেখাতীত অবৈধভাৱে ঘৰ ভাড়া কৰি চিকিৎসা সেৱা আগৱঢ়াই থকা চিকিৎসক তথা শিৱসাগৰ ডিমৌৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ এছ উল্লাৰ ওচৰত কণমানিজনীক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায়৷
পৰিয়ালৰ লোকে সাপেখাতী চিকিৎসালয়ৰ নিদান পত্ৰ দেখুৱাই চিকিৎসকক একেটা বেজী নিদিবলৈ অনুৰোধ কৰাৰ পিছতো কণমানিজনীক একেটা বেজী প্ৰদান কৰাৰ পিছতেই চিকিৎসকগৰাকীয়ে কণমানিজনীক লৈ ঘৰলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে৷ কণমানিজনী সহ পৰিয়ালৰ লোকে কণমাণিজনীৰ আইতাক চাকৰি সূত্ৰে থকা অৰুণাচল প্ৰদেশৰ কানুবাৰীৰ বাসগৃহত উপস্থিত হোৱাৰ মাত্ৰ ১০-১৫ মিনিটৰ পাছতেই কৰুণ মৃত্যুক আকোঁৱালি লয় ৰিদিশাই৷
বিয়লিয়ে পৰিয়ালৰ লোকে মৃতদেহসহ চিকিৎসকৰগৰাকীৰ ৰোগী চোৱা কোঠাত প্ৰৱেশ কৰি চিকিৎসকগৰাকীক মৃত্যুৰ কাৰণ জানিব বিচৰাত চিকিৎসক গৰাকীয়ে তেওঁৰ চিকিৎসাৰ ফলত কণমানিজনীৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে৷ ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি চিকিৎসকগৰাকীৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ৷
উল্লেখ্য যে কণমানি ৰিদিশাই অহা ৯ ছেপ্তেম্বৰত নিজৰ জন্মদিনটো আইতাকৰ চৰকাৰী আৱাসগৃহত উদযাপন কৰাৰ উদ্দেশ্যে যোৱা ১৪ আগষ্টত নাজিৰা গেলেকীৰ নিজা বাসগৃহৰ পৰা আহি আইতাকৰ ওচৰত আছিল৷ কণমানিজনীৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ লগতে চিকিৎসকগৰাকীৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে সচেতনমহলে৷
কোভিড প্ৰটকল উলংঘা কৰি নিজৰ কৰ্মস্থলীত দায়িত্ব পালন নকৰি সাপেখাতীত অবৈধভাৱে ঘৰ ভাড়া কৰি কোনো কোভিড টেষ্ট নকৰাকৈ চিকিৎসা আগবঢ়োৱা এই চিকিৎসকগৰাকীৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষ্যনীয় হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|