বৰপেটাৰোডত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ বৰপেটাৰোডত বনকৰা যুৱতীৰ ৰহস্যজনকভাৱে অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হোবা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰপেটাৰোডৰ মিছন ৰোডৰ ডাউন টাউনত৷ ১৯ বছৰীয়া বনকৰা যুৱতীগৰাকী আদিবাসী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে ৷
বৰপেটাৰোডৰ তিনি নম্বৰ ৱাৰ্ডৰ মিছন ৰোডৰ ডাউনটাউনৰ বুদ্ধদেৱ ফাদাংগিৰী নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে থকা শিক্ষক বদ্ৰী লুইটেলৰ ঘৰত বনকৰা যুৱতী হিচাপে আছিল৷ সোমবাৰে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নীয়ে বিদ্যালয়ত পাঠদান কৰিবলৈ যোৱাৰ পাছত পৰিত্যক্ত টিনপাতৰ চালি এখনৰ তলত অগ্নিদগ্ধ অৱস্থাত বনকৰা যুৱতীগৰাকীৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি শিক্ষকগৰাকীৰ পুত্ৰই পিতৃ–মাতৃক খবৰ দিয়ে৷
পিছত এই ঘটনা বৰপেটাৰোড আৰক্ষীক অৱগত কৰোৱা হয়। বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰীয়ে উক্ত স্থানত উপস্থিত হৈ বনকৰা যুৱতীগৰাকীৰ কাষত কেৰাচিন তেলৰ বটল আৰু কিছু খৰি পৰি থকা বুলি প্ৰত্যক্ষ কৰে৷ আৰক্ষী বিষয়াগৰাকীয়ে বনকৰা যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকক খবৰ দিয়ে৷ পিছত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ফৰেনছিকক খবৰ দিয়ে।
সোমবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা অহা ফৰেনছিকৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বনকৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷ মৃতদেহটো আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷
বনকৰা যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কত আৰক্ষীয়ে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ পুত্ৰক সোধা–পোছাৰ বাবে আটক কৰিছে বুলি আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিয়ে৷ বনকৰা যুৱতীগৰাকীৰ এয়া হত্যা নে আত্মহত্যা সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে জোৰ তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে বনকৰা যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে সকলো স্পষ্ট হ’ব৷
Published by: Sanjay Kumar Das
First published: December 06, 2022, 08:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|