অসমীয়া চিনেমাতো ভুমুকি মাৰিছিল গিৰীশ কাৰ্নাডে!

জাহ্নু বৰুৱা পৰিচালিত অসমীয়া ছবি অপৰূপাত অভিনয় কৰিছিল দেশৰ প্ৰসিদ্ধ শিল্পী জ্ঞানপীঠ বঁটা বিজয়ী পদ্মভূষণ গিৰীশ কাৰ্নাডে।

news18assam
Updated:June 10, 2019, 9:49 PM IST
অসমীয়া চিনেমাতো ভুমুকি মাৰিছিল গিৰীশ কাৰ্নাডে!
জাহ্নু বৰুৱা পৰিচালিত অসমীয়া ছবি অপৰূপাত অভিনয় কৰিছিল দেশৰ প্ৰসিদ্ধ শিল্পী জ্ঞানপীঠ বঁটা বিজয়ী পদ্মভূষণ গিৰীশ কাৰ্নাডে।
news18assam
Updated: June 10, 2019, 9:49 PM IST
সোমবাৰে জীৱন নাট সামৰে  নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডে।   দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নাট্যকাৰগৰাকী ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৯৮ চনত জ্ঞানপীঠ বঁটাৰে সন্মানীত হৈছিল দেশৰ বিশিষ্ট অভিনেতাগৰাকী।

অসমীয়া ছবিতো ভুমুকি মাৰিছিল এইগৰকী বিখ্যাত নাট্যযোদ্ধাই। বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাই পৰিচালনা কৰা ‘অপৰূপা’ ছবিখনত বিজু ফুকনৰ লগত একেলগে অভিনয় কৰিছিল গিৰিশ কাৰ্নাডে। অসমীয়াৰ উপৰিও কাৰ্নাডে বহু হিন্দী, কানাড়া চলচ্চিত্ৰতো দুৰ্দান্ত অভিনয় কৰিছিল। বিভিন্ন  ছবিৰে দৰ্শকৰ হৃদয়ত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হোৱা এই গৰাকী অভিনেতাৰ কেইখনমান উল্লেখযোগ্য ছবি আছিল  মালগুৰি ডেইজ, ছলমান খানৰ ব্লকবাষ্টাৰ ছবি টাইগাৰ জিন্দা হ্যে।

কায়িক ভাৱে সকলোৰে মাজৰ পৰা বিদায় ল’লেও এই গৰাকী বিশিষ্ট অভিনেতা–নাট্যকাৰ যুগ যুগান্তলৈকে থাকিব দেশবাসীৰ হৃদয়ৰ আঁহে আঁহে।
আৰু চাওক পৰৱৰ্তী বাতৰি