পূৰ্বৰ সমীৰ দামোদৰ ৰোপৱেৰ পৰিৱৰ্তে ঊষা ব্ৰেকো কম্পেনীক দিয়া হৈছে পৰিচালনাৰ দায়িত্ব।
পূৰ্বৰ সমীৰ দামোদৰ ৰোপৱেৰ পৰিৱৰ্তে ঊষা ব্ৰেকো কম্পেনীক দিয়া হৈছে পৰিচালনাৰ দায়িত্ব।
২৮ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ বন্ধ গুৱাহাটী উত্তৰ গুৱাহাটী ৰোপৱে সেৱা। বাৰ্ষিক মেৰামতিৰ বাবে বন্ধ বন্ধ ৰখা হৈছে এই সেৱা । প্ৰতি বছৰে পৰিচালনাৰ দায়িত্বত থকা কোম্পানীয়ে বছৰেকীয়া মেৰামতি কৰি অহাৰ উপৰিও সপ্তাহত এদিন কাৰিকৰী দিশ চোৱা চিতা কৰি আহিছে।
পূৰ্বৰ সমীৰ দামোদৰ ৰোপৱেৰ পৰিৱৰ্তে ঊষা ব্ৰেকো কম্পেনীক দিয়া হৈছে পৰিচালনাৰ দায়িত্ব। আৰম্ভণিৰ পৰা নিৰ্মাণ সংস্থা সমীৰ দামোদৰ ৰোপৱেই বাৰ্ষিক চুক্তিত এই সেৱা চলাই আহিছিল।
উল্লেখ্য যে, বিগত বৰ্ষত ৰোপৱেৰ নিয়মীয়া পৰীক্ষণ চলাৰ পিছতো চকা ক্ষয় হোৱাৰ বিষয়ে ধৰিব পৰা নাছিল। কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা ৰোপৱেৰ এই গুৰুতৰ বিসংগতিক কৰ্তৃপক্ষই কণ্ট্ৰ'ল পেনেলৰ বিজুতি বুলিহে প্ৰচাৰ চলাইছিল। ফলত এতিয়া ৰোপৱে সেৱা বন্ধৰ আঁৰত আন এক ৰহস্যৰ গোন্ধ পাইছে সচেতন মহলে। যি বৰ্তমান চৰ্চিত বিষয় হৈ পৰিছে। ইফালে ৰোপৱে সেৱা বন্ধ কৰাৰ লগতে টাৰ্মিনেলত সংবাদ মাধ্যমৰ লোককো সোমাবলৈ দিয়া নাই কৰ্তৃপক্ষই।
২০০৭ চনত সেইসময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু গুৱিহাটী উন্নয়ন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱেৰ শিলান্যাস কৰিছিল। ২০০৯ চনত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দুইপাৰে দুটা খুঁটা নিৰ্মাণ কৰি ব্যয় কৰিছিল ২৬ কোটি টকা। পিছত বিভিন্ন কাৰণত বন্ধ হয় নিৰ্মাণ কাৰ্য।
পিছত ২০১৮ চনত পুনৰ ৰোপৱেৰ কাম আৰম্ভ কৰি ৫৬ কৌটি টকা ব্যয়ৰে সমীৰ দামোৰ নামৰ বহুজাতিক প্ৰতিষ্ঠানে ২০২০ চনৰ ২৪ আগষ্টত মুকলি কৰে গুৱাহাটী ৰোপৱে সেৱা । ৰোপৱে সেৱা মুকলিৰ পিছত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়াত ব্যৱস্থাত কিছু সকাহ দিব বুলি আশা কৰা হৈছিল। কিন্তু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ তদাৰকত থকা(GMDA) বিভাগীয় বিষয়া অভিযন্তাৰ চৰম দুৰ্নীতি তথা বিত্তীয় কেলেংকাৰীক গাপ দিয়াৰ বাবেই সমীৰ দামোদৰ প্ৰতিষ্ঠানক বিদায় দি এইবাৰ অখ্যাত উষা ব্ৰেকো লিমিটেড কোম্পানীক ৰোপৱেৰ দায়িত্ব দিয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|