আজিৰে পৰা প্ৰশাসনৰ চৰ্ত মানি জিম খোলা, ক্ষতিপূৰণৰ দাবী চৰকাৰক

- News18 Assam
- Last Updated: August 3, 2020, 8:33 AM IST

দীৰ্ঘ সময় জিম সমুহ বন্ধ থকাৰ সময়তে এই ব্যৱসায় বা অনুশীলন কৰা খেলুৱৈ সকলে চৰকাৰৰ ওচৰত জিম খুলি দিয়াৰ বাবে দাবী জনাই আহিছিল। অৱশেষত পৰিস্থিতি সাপেক্ষে জিম সমুহ খোলাৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে।

এই কথা নিউজ ১৮ক জনালে কামৰূপ মেট্ৰোৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে। পলমকৈ হলেও চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাইছে বিশিষ্ট ক্ৰীড়া সংগঠক ভৱজ্যোতি গোস্বামীয়ে। ভৱজ্যোতি গোস্বামীয়ে লগতে কয় সকলো ধৰণৰ পৰিক্ষাৰ বাবে জিম কতৃপক্ষ সাজু। পলমকৈ হলেও চৰকাৰে লোৱা সিদ্ধান্তৰ পিছত কিছু পৰিমাণে সকাহ পাইছে খেলুৱৈ সকলে।