বনাঞ্চলৰ পৰা দিক–বিদিক হেৰুৱাই মহানগৰীত বিচৰণ কৰা হাতীটোক অৱশেষত আৱদ্ধ কৰিলে বনবিভাগে। এক ১২ ঘণ্টীয়া উৎকণ্ঠাৰ অৱসান ঘটিল। আজি পুৱা ৫ বজাত ৰাজ্যিক চিৰিয়াখানালৈ অনা হ’ল বনৰীয়া হাতীটোক। ইয়াৰ পূৰ্বে মঙলবাৰে বন বিভাগৰ সকলো চেষ্টাই ব্যৰ্থ কৰি মহানগৰীৰ শ্ৰীনগৰৰ পৰা নিজে নিজে ওলাই আহিছিল হাতীটো। বৰবাৰীৰ পৰা হেঙেৰাবাৰী, গণেশগুৰি হৈ ভঙাগড়ৰ ফালে গৈছিল হাতীটো। তিনিবাৰকৈ ট্ৰেংকুলাইজ কৰাৰ পিছতো বন বিভাগে উদ্ধাৰ কৰিব পৰা নাছিল হাতীটো। নিশা জিলা প্ৰশাসনে হাতীটোক ক্ৰেনেৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও বৰষুণৰ বাবে ব্যাহত হয় উদ্ধাৰ অভিযান। হাতীটোক আবদ্ধ কৰিবলৈ মঙলবাৰে বিয়লিৰে পৰা ওৰে নিশা ব্যস্ত হৈ পৰিছিল আৰক্ষীৰ শীৰ্ষ বিষয়া, বন বিভাগৰ শীৰ্ষ বিষয়াকে ধৰি বহু লোক।
undefined
ইফালে দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব অসম ৰাজ্যিক চিৰিয়াখানা। বনৰীয়া হাতীটোক শান্ত কৰিবলৈ এই সিদ্ধান্ত চিৰিয়াখানা কৰ্তৃপক্ষৰ। পুনৰ ট্ৰেংকুলাইজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগ, চিৰিয়াখান কৰ্তৃপক্ষই। চিৰিয়াখানাৰ পৰা আমচাং বনাঞ্চললৈ লৈ যোৱা হ’ব হাতীটো।
undefined
বনৰীয়া হোৱা স্বত্তেও হাতীটোৰ শান্ত–সৌম্য আচৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সম্পূৰ্ণ এটা দিন মহানগৰীৰ মাজমজিয়াত বিচৰণ কৰাৰ পিছতো কতো একো অনিষ্ট সাধন নকৰিলে মানুহৰ উপদ্ৰৱত জনাঞ্চল পোৱা বন্য গজৰাজে। হাতীটোক লৈ গণেশগুৰিত ৰাইজে সৃষ্টি কৰা পৰিস্থিতিক হে সকলোৱে সমালোচনা কৰিছে।
undefinedundefinedundefined
- First Published :