• Home
  • »
  • News
  • »
  • assam
  • »
  • GMCHৰ পুৰণি পাৰ্কিঙত নিৰ্মাণ হ'ল ২০০ ICU বেডযুক্ত কোভিড হাস্পতাল, অহা সপ্তাহত ১০০০ নাৰ্ছক নিযুক্তি দিব স্বাস্থ্য বিভাগে

GMCHৰ পুৰণি পাৰ্কিঙত নিৰ্মাণ হ'ল ২০০ ICU বেডযুক্ত কোভিড হাস্পতাল, অহা সপ্তাহত ১০০০ নাৰ্ছক নিযুক্তি দিব স্বাস্থ্য বিভাগে

সাধাৰণ লোকৰ বাবে মুকলি কৰা হ'ব শিঙিমাৰী ,এম এম চি এইচ আৰু আয়ুৰ্বেদিক হাস্পতাল।

সাধাৰণ লোকৰ বাবে মুকলি কৰা হ'ব শিঙিমাৰী ,এম এম চি এইচ আৰু আয়ুৰ্বেদিক হাস্পতাল।

সাধাৰণ লোকৰ বাবে মুকলি কৰা হ'ব শিঙিমাৰী ,এম এম চি এইচ আৰু আয়ুৰ্বেদিক হাস্পতাল।

  • Share this:
১ জুলাইত সমগ্ৰ বিশ্বতে পালন কৰা হ'ব চিকিৎসক দিৱস। আৰু সেই দিনটোতে চিকিৎসক সকলক সন্মান জনাই নতুনকৈ ২০০ খন ICU বেডযুক্ত কভিড চিকিৎসালয় মুকলি কৰাৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুৰণি পাৰ্কিঙত নিৰ্মাণ কৰা হৈছে এই হাস্পতালখন।

এই কোভিড চিকিৎসালয়খনত থাকিব অসমৰ সকলোতকৈ বৃহৎ অক্সিজেন টেংক। ৮০ কে এমৰ এই অক্সিজেন টেংকৰ সহায়ত ১৫ দিন পৰ্যন্ত চলিব পাৰিব চিকিৎসালয়খন। কোভিড ৰোগীৰ বাবে এই আই চি ইউ চিকিৎসালয়খনত প্ৰয়োজন হ'ব ৪০ জন চিকিৎসকৰ। এটা সপ্তাহৰ পূৰ্বে নিযুক্তি প্ৰদান কৰা চিকিৎসক সকলক কোভিড ৰোগীৰ বাবে নিয়োগ কৰা হ'ব নতুন আই চি এই বেডৰ চিকিৎসালয়খনত। এই কথা জানিবলৈ দিয়ো স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কোভিড হাস্পতালত নাৰ্ছৰ অভাৱ নহ'বৰ বাবে অহা সপ্তাহত ১০০০ নাৰ্চক নিযুক্তি প্ৰদান কৰিব স্বাস্থ্য বিভাগে। এই কোভিড আই চি ইউ মুকলিৰ দিনটোতে সাধাৰণ লোকৰ বাবে মুকলি কৰা হ'ব শিঙিমাৰী ,এম এম চি এইচ আৰু আয়ুৰ্বেদিক হাস্পতাল। এতিয়া চিকিৎসাধীন হৈ থকা ৫ শতাংশ ৰোগীৰ ৰিলিজ হোৱাৰ পিছতে কোভিড ৰোগীৰ বাবে বন্ধ হৈ পৰিব চিকিৎসালয়কেইখন। লগতে জি এম চি এইচো সাধাৰণ ৰোগীৰ বাবে মুকলি চিন্তা কৰিছে স্বাস্থ্য বিভাগে।
Published by:Himangshu Bhuyan
First published: