কোৰোণা মহামাৰীৰ পিছৰ পৰাই হেলথ আৰু মেডিকেল ইঞ্চুৰেন্সকলৈ বহু বেছি পৰিমাণে সচেতন হৈছে মানুহ। যিসকলে আৰ্থিক পৰিস্থিতিৰ বাবে মেডিকেল ইঞ্চুৰেন্স কৰিব পৰা নাই, তেওঁলোকৰ বাবে সহায়ৰ হাত আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। নাম মাত্ৰ প্ৰিমিয়ামৰ বীমা যোজনা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। আৰ্থিক ভাবে পিছপৰা লোকে এই সাহায্যৰে ইঞ্চুৰেন্সৰ সুবিধা লব পাৰে।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত প্ৰতি মাহে ১টকাকৈ বছৰত মাত্ৰ ১২ টকা জমা কৰি ২ লাখ টকাৰ এক্সিডেণ্টেল ইঞ্চুৰেন্সৰ সুবিধা লাভ কৰিব কৰিব। এই যোজনাৰ জৰিয়তে সামান্য টকাৰ প্ৰিমিয়াম দি সুবিধা লাভ কৰিব পাৰিব গোটেই জীৱন।
কিদৰে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনঃ
বেংকৰ যিকোনো শাখালৈ গৈ এই পলিচীৰ বাবে আবেদন কৰিব পাৰে। বেংক বীমা এজেণ্টৰ সৈতেও এই বিষয়ে যোগাযোগ কৰিব পাৰে। চৰকাৰী বীমা সংস্থা বা বেচৰকাৰী ইঞ্চুৰেন্স সংস্থাই এই প্লেন বিক্ৰী কৰি থাকে।