মুখ্যপৃষ্ঠা »খবৰ »অসম »এজন অসমীয়া যুৱকৰ চমক, সাত সাগৰ তেৰ নদীৰ সিপাৰে আলোড়ন সৃষ্টি কৰিছে যুৱকজনৰ গ্ৰন্থই

এজন অসমীয়া যুৱকৰ চমক, সাত সাগৰ তেৰ নদীৰ সিপাৰে আলোড়ন সৃষ্টি কৰিছে যুৱকজনৰ গ্ৰন্থই

গ্ৰন্থখন Online যোগে গ্ৰাহকৰ বাবে মুকলি কৰি দিছে জাৰ্মান প্ৰকাশন গোষ্ঠীটোৱে৷ morebooks.shop ত উপলব্ধ হৈছে গ্ৰন্থখন৷

গ্ৰন্থখন Online যোগে গ্ৰাহকৰ বাবে মুকলি কৰি দিছে জাৰ্মান প্ৰকাশন গোষ্ঠীটোৱে৷ morebooks.shop ত উপলব্ধ হৈছে গ্ৰন্থখন৷

  • Share this:
বিশ্বজুৰি মহামাৰী COVID–19 ৰ আতংকত৷ মহা সংকটত বিশ্বৰ মানৱ সভ্যতা৷ সংক্ৰমণ ৰোধৰ বাবে দেশত দীঘলীয়া লকডাউন৷ স্তব্ধ জনজীৱন৷ ইয়াৰ মাজতে এইখন অসমৰে এজন অতি সাধাৰণ যুৱকৰ এখন গ্ৰন্থই সাত সাগৰ তেৰ নদীৰ সিপাৰে সৃষ্টি কৰিছে আলোড়ন৷ লকডাউনৰ সময়তে COVID–19 সন্দৰ্ভত অসমীয়া যুৱকজনে লিখা গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিছে সুদূৰ জাৰ্মানীৰ এটা প্ৰকাশক গোষ্ঠীয়ে৷ ইপিনে গ্ৰন্থখন ৮টাকৈ বিদেশী ভাষালৈ অনুবাদ কৰাৰো অনুমতি বিচাৰিছে যুৱকজনৰ পৰা৷

গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত বছাপথাৰ শ্যাম গাঁৱৰ কনছেং শ্যাম নামৰ যুৱকজনে লকডাউনৰ মাজতে লিখি উলিয়াইছে কোৰোণা মহামাৰী সন্দৰ্ভত এখন ৫৩ পৃষ্ঠাৰ গ্ৰন্থ৷ গ্ৰন্থখনৰ নাম ৰখা হৈছে Globalization and Covid-19 As Cataclysm (গ্ল'ৱেলাইজেছন এণ্ড কভিড 19 এজ কেটাক্লিজম)। যিখন গ্ৰন্থ প্ৰকাশ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে জাৰ্মানীৰ LAMBERT ACADEMIC PUBLISHING & OMNISCRIPTUM PUBLISHING GROUP–এ৷

ইতিমধ্যে উক্ত গ্ৰন্থখন Online যোগে গ্ৰাহকৰ বাবে মুকলি কৰি দিছে জাৰ্মান প্ৰকাশন গোষ্ঠীটোৱে৷ morebooks.shop ত উপলব্ধ হৈছে গ্ৰন্থখন৷

লেখক কনছেং শ্যামে ইংৰাজী ভাষাত লিখা উক্ত গ্ৰন্থখন জাৰ্মান, স্পেনিছ, ৰাছিয়ান, ফ্ৰেন্স আদিকে ধৰি মুঠ ৭টা ভাষালৈ অনুবাদৰ বাবে প্ৰকাশক সংস্থাটোৱে অনুমতি লৈছে বুলি জানিবলৈ দিছে লেখক কনছেং শ্যামে৷ কিতাপখনৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে ৩৯.৯০ ইউৰ’৷ ইয়াৰে ১৩% ৰয়েলটী লাভ কৰিব লিখক কনছেং শ্যামে৷

উল্লেখযোগ্য যে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমানো নিৱনুৱা হৈ থকা কনছেং শ্যামে তেওঁৰ গ্ৰন্থখন প্ৰকাশৰ বাবে ভাৰতীয় প্ৰকাশক বিচাৰিছিল যদিও ধনৰ অভাৱত দেশীয় প্ৰকাশক নাপাই Onlineৰ জৰিয়তে বিদেশী প্ৰকাশকৰ সন্ধান কৰি কাষ চাপে জাৰ্মান প্ৰকাশকৰ৷ অৱশেষত Omniscriptum publishing group–এ গ্ৰন্থখন প্ৰকাশ কৰি অনলাইনত মুকলি কৰি দিছে যদিও সাম্প্ৰতিক পৰিস্থিতি কিছু স্বাভাৱিক হ’লেই কম দিনৰ ভিতৰতে গ্ৰন্থৰ আকাৰত প্ৰকাশ পাব৷ ইপিনে অসমীয়া ভাষাতো গ্ৰন্থখন প্ৰকাশ কৰাৰ আশা পুহি ৰাখিছে লেখক কনছেং শ্যামে৷

শেহতীয়া বাতৰি