মুখ্যপৃষ্ঠা »খবৰ »অসম »George Bordoloi Suicide Case: প্ৰখ্যাত ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা সন্দৰ্ভত ডনবস্ক' বিশ্ববিদ্যালয়ৰ ফাদাৰ ষ্টিফেন মাৰ্কেক আটক

George Bordoloi Suicide Case: প্ৰখ্যাত ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা সন্দৰ্ভত ডনবস্ক' বিশ্ববিদ্যালয়ৰ ফাদাৰ ষ্টিফেন মাৰ্কেক আটক

জৰ্জ বৰদলৈয়ে ছুইচাইড নোটত উল্লেখ কৰিছিল যে তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে।

জৰ্জ বৰদলৈয়ে ছুইচাইড নোটত উল্লেখ কৰিছিল যে তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে।

জৰ্জ বৰদলৈয়ে ছুইচাইড নোটত উল্লেখ কৰিছিল যে তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে।

  • Share this:
সোণাপুৰত বিশিষ্ট ব্যৱসায়ী জৰ্জ বৰদলৈয়ে আত্মহত্যা কৰা ঘটনাক লৈ ডনবস্ক' বিশ্ববিদ্যালয়ৰ ফাদাৰ ষ্টিফেন মাৰ্কেক আটক কৰে আৰক্ষীয়ে। ব্যৱসায়ীগৰাকীৰ আত্মহত্যা সন্দৰ্ভত আৰক্ষীয়ে কৰা অনুসন্ধানত এখন ছুইচাইড নোটত ফাদাৰ ষ্টিফেন মাৰ্কেৰ নাম পাইছিল আৰক্ষীয়ে।

তথ্য অনুসৰি, ডনবস্ক' বিশ্ববিদ্যালয়ৰ ফাদাৰ ষ্টিফেন মাৰ্কেই জৰ্জ বৰদলৈৰ ওপৰত মানসিক নিৰ্যাতন চলোৱাৰ বাবে আত্মহত্যাৰ পথ বাছি লোৱা বুলি চুইচাইড নোটত উল্লেখ কৰিছিল। সেয়ে আৰক্ষীয়ে প্ৰথমে সোধা-পোছাৰ বাবে মাৰ্কেক থানালৈ আনি আটক কৰে। অভিযোগ অনুসৰি, হস্তী কৰিড’ৰক লৈ কোনো সংঘাত-সমস্যাত পৰিছিল ব্যৱসায়ী বৰদলৈ।

জৰ্জ বৰদলৈ (George Bordoloi)য়ে ছুইচাইড নোটত উল্লেখ কৰিছিল যে তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে।

উল্লেখ্য, বৰদলৈ সোণাপুৰত ধাবা উদ্যোগৰ পথপ্ৰদৰ্শক আছিল। তেওঁ ১৯৮০ৰ দশকত পাটাৰকুছিত প্ৰথম ধাবা খুলিছিল আৰু অঞ্চলটোৰ বহুতো নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছিল।

দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা বৰদলৈয়ে পিছত বিজেপিত যোগদান কৰিছিল। কিন্তু এনে কি মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ বৰদলৈয়ে আত্মহত্যাৰ পথ বাছি ল'লে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

শেহতীয়া বাতৰি