உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জৰ্জ বৰদলৈৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাডাৰ ষ্টিফেন মাভেলিক

    জৰ্জ বৰদলৈৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাডাৰ ষ্টিফেন মাভেলিক

    জৰ্জ বৰদলৈৰ পুত্ৰই ক’লে, যিজন ব্যক্তিয়ে ডনবস্কো ইয়াত প্ৰতিষ্ঠা কৰাত বিশেষভাৱে সহায় আগবঢ়ালে সেই ডনবস্কোৰ বাবেই আজি দেউতাই মৃত্যুক সাবটিবলগীয়া হ’ল৷

    জৰ্জ বৰদলৈৰ পুত্ৰই ক’লে, যিজন ব্যক্তিয়ে ডনবস্কো ইয়াত প্ৰতিষ্ঠা কৰাত বিশেষভাৱে সহায় আগবঢ়ালে সেই ডনবস্কোৰ বাবেই আজি দেউতাই মৃত্যুক সাবটিবলগীয়া হ’ল৷

    জৰ্জ বৰদলৈৰ পুত্ৰই ক’লে, যিজন ব্যক্তিয়ে ডনবস্কো ইয়াত প্ৰতিষ্ঠা কৰাত বিশেষভাৱে সহায় আগবঢ়ালে সেই ডনবস্কোৰ বাবেই আজি দেউতাই মৃত্যুক সাবটিবলগীয়া হ’ল৷

    • Share this:
    জৰ্জ বৰদলৈ অসমৰ পৰিচিত এটা নাম৷ অসমত প্ৰথম ধাবা সংস্কৃতি অনা ব্যক্তিজনেই আছিল এইগৰাকী জৰ্জ বৰদলৈ৷ প্ৰতিষ্ঠিত সফল ব্যৱসায়ী, প্ৰকৃতিবিদৰ লগতে ভাল অভিনেতা হিতাপে পৰিচিত আছিল জৰ্জ বৰদলৈ৷ কিন্তু হঠাৎ পুৱাই আহিল এটা দুঃসংবাদ৷ সোণাপুৰত থকা জৰ্জ ৰিটেইট নামৰ নিজৰ ৰিজট’ত উদ্ধাৰ হয় জৰ্জ বৰদলৈৰ মৃতদেহ৷ মৃতদেহৰ কাষত উদ্ধাৰ হোৱা চুইচাইড নোটত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  ফাডাৰ ষ্টিফেন মাভেলিৰ নাম উল্লেখ থকাৰ পিছতে সোণাপুৰ আৰক্ষীয়ে আটক কৰে ফাডাৰ ষ্টিফেন মাভেলিক৷

    কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে, চুইচাইড নোটটো লিখা নাছিল জৰ্জ বৰদলৈয়ে৷ চুইছাইড নোটটো ওপৰত হওক উচিত তদন্ত৷ মৃত জৰ্জ বৰদলৈৰ পুত্ৰৰ অভিযোগ, ‘‘আজিৰ পৰা ৩ মাহ পূৰ্বে মোৰ আৰু দেউতাৰ ওপৰত পাহাৰৰ ৮০০ গছ কটা বুলি মিছা অভিযোগ দিছিল ফাডাৰ ষ্টিফেন মাভেলিয়ে৷ আমি ফাডাৰক সাক্ষাৎ কৰি ভুৱা গোচৰটো উঠাই ল’বলৈ অনুৰোধ জনাইছিলো, যিহেটো দেউতা শাৰীৰিকভাৱে অসূস্থ আছিল৷’’

    সেই সময়তে হেনো ফাডাৰক জৰ্জ বৰদলৈয়ে কৈছিল, এনেদৰে মোক মানসিক হাৰাশাস্তি কৰিলে আত্মহত্যাৰ পথ বাচি ল’ম৷ ফাডাৰে কিন্ত জৰ্জ বৰদলৈৰ কথাত গুৰুত্ব নিদি উঠাই লোৱা নাছিল গোচৰটো৷ পৰিয়ালৰ মতে, যাৰ বাবে মানসিকভাৱে ভাঙি পৰিছিল জৰ্জ বৰদলৈ৷ সেয়ে জীৱনৰ চৰম পন্থা বাচি ল’বলৈ বাধ্য হ’ল জৰ্জ বৰদলৈয়ে আৰু লিখি থৈ গ’ল দুখনকৈ চুইচাইড নোট৷

    জৰ্জ বৰদলৈৰ পুত্ৰই ক’লে, যিজন ব্যক্তিয়ে ডনবস্কো ইয়াত প্ৰতিষ্ঠা কৰাত বিশেষভাৱে সহায় আগবঢ়ালে সেই ডনবস্কোৰ বাবেই আজি দেউতাই মৃত্যুক সাবটিবলগীয়া হ’ল৷ যোৱা নিশাই পুত্ৰই সোণাপুৰ থানাত ফাডাৰ ষ্টিফেন মাভেলিৰ বিৰুদ্ধে ৰুজু কৰিলে এক গোচৰ৷ সোমবাৰে দিনৰ ভাগতে সোধা–পোছাৰ বাবে অনা ফাডাৰক অসুস্থতাৰ বাবে GMCHলৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত তাতেই গ্ৰেপ্তাৰ কৰে সোণাপুৰ আৰক্ষীয়ে৷ ফাডাৰক গ্ৰেপ্তাৰৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিল, জৰ্জ বৰদলৈৰ মৃত্যুৰ আঁৰত যেন হাত আছিল ফাডাৰ ষ্টিফেন মাভেলিৰ৷
    Published by:Sanjay Kumar Das
    First published: