ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই।
কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট চক্ৰৰ। এডিট কৰি WHatsAppত ভাইৰেল কৰিছিল পুৰণি প্ৰশ্নকাকত।
২০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভূগোলৰ পৰীক্ষাৰ পূৰ্বে এইদৰে পুৰণি প্ৰশ্নকাকত ভাইৰেল কৰি ছাত্ৰ–ছাত্ৰীৰ মনত আঘাত দিয়াৰ চেষ্টা চলাইছে কোনো দুষ্টচক্ৰই। লগতে ছেবাক বদনাম কৰাৰো এক নিকৃষ্ট প্ৰয়াস দুষ্টচক্ৰৰ।
এই ঘটনাৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, ‘‘ছেবাই স্পষ্টীকৰণ নিদিয়ালৈ ছচিয়েল মিডিয়াৰ এনেধৰণৰ ভুৱা খবৰত বিভ্ৰান্ত নহ’বলৈ ছাত্ৰ–ছাত্ৰীসকলক আহ্বান জনাইছো। ইতিমধ্যে স্পষ্ট হৈছে এইখন এইবাৰৰ প্ৰশ্নকাকত নহয়, পুৰণি প্ৰশ্নকাকত। ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 18, 2023, 11:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।