চৰ্ত সাপেক্ষে প্ৰৱেশ কৰিব পাৰিব জনতা ভৱনত
জনতা ভৱনত সাক্ষাৎকাৰীৰ প্ৰৱেশত থকা বাধা প্ৰত্যাহাৰ কৰিছে ৰাজ্যৰ সাধাৰণ প্ৰশাসনে ৷ মন্ত্ৰী তথা আমোলা-বিষয়াক চৰকাৰী কাম-কাজৰ বাবে দৰ্শানাৰ্থীয়ে লগ কৰিব পাৰিব ৷
অৱশ্যে এইক্ষেত্ৰত দুটা চৰ্ত আৰোপ কৰিছে জনতা ভৱনৰ সাধাৰণ প্ৰশাসন বিভাগে ৷
- বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে, সাক্ষাৎকাৰীয়ে অহা এক নৱেম্বৰৰ পৰা জনতা ভৱনত প্ৰৱেশ কৰিব পাৰিব ৷
- কোভিড অতিমাৰীৰ ভয়ংকৰ সংক্ৰমণৰ বাবে সাক্ষাৎকাৰীৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছিল ৷ কোভিড ভেকছিনৰ দুয়োপালি লোৱা সকলে কৰিব পাৰিব প্ৰৱেশ ৷
- লগতে চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাৱলী মানি চলাটো বাধ্যতামূলক ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|