দৰং জিলাৰ পাথৰিঘাট আৰক্ষীৰ বৃহৎ সফলতা। গোপন সূত্ৰৰ পমখেদি দুষ্প্ৰাপ্য কেকো সাপসহ এজনক গ্ৰেপ্তাৰ। কেকো সাপ কেইডাল বিক্ৰী কৰিবলৈ লওঁতেই গ্ৰেপ্তাৰ যমচেৰ আলী নামৰ লোকজনক।
দৰং জিলাৰ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ৫টাকৈ দুষ্পাপ্য কেকো সাপ। আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, ওদালগুৰিৰ পৰা বিক্ৰীৰ বাৰে আনিছিল কেকো সাপকেইডাল। পুৱাৰে পৰা খাপ পিটি থকা আৰক্ষীৰ দলে সন্ধিয়া কেকো সাপ বিক্ৰী কৰাৰ যো–জা চলাই থাকোতে স্কুটী লৈ অহা দুজন লোকক আটক কৰিবলৈ চেষ্টা কৰে যদিও ইয়াৰে মূল সৰবৰাহকাৰীজন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। কলাইগাঁৱৰ ভোলাবাৰী ৰাণীপুখুৰীৰ জমচেৰ আলী নামৰ লোকজনক কৰায়ত্ত কৰে আৰক্ষীয়ে।
লোকজনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় পাঁচটাকৈ কেকো সাপ। লগতে জব্দ কৰে কেকো সাপ বিক্ৰী কৰিবলৈ লৈ অহা স্কুটীএখন। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰা মূল সৰবৰাহকাৰীজন মোজাফৰ ওৰফে মোজা। ধৃত সৰবৰাহকাৰীজনে আৰক্ষীক জানিবলৈ দিয়া মতে, ওদালগুৰি জিলাৰ পৰা অনা হৈছে এই দুষ্পাপ্য কেকো সাপকেইডাল।
পিছত আৰক্ষীয়ে উদ্ধাৰ কৰা কেকো সাপকেইটা কুৰুৱা বন সংমণ্ডলৰ বন বিষয়াৰ হাতত গতাই দিয়ে। পালতক মোজাক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|