আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ১১৬ সংখ্যক জন্মদিন। শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহন কৰা এইজনা স্বনামধন্য ব্যক্তি অসমীয়া গীতি-কাব্য সাহিত্যৰ অতি চিনাকি নাম। জীৱনৰ বেছিভাগ সময় সোণাৰিৰ সোণালীপাম নামৰ গৃহত অতিবাহিত কৰা এই গৰাকী ব্যক্তিয়ে সোণালী পামৰ নিগাজী ঘৰত বহিয়েই ৰচনা কৰিছিল বহু গীত আৰু কবিতা।
বহু কেইখন নাটকৰ স্ৰষ্টা তথা অসমৰ চতুৰ্থ খন বোলছবি 'ৰূপহী'ৰ নিৰ্মাতা এইগৰাকী পুৰুধা ব্যক্তিৰ নামেই যেন সোণাৰিৰ পৰিচয়। কিন্তু অতি পৰিতাপৰ কথা যে সোণাৰিৰ সোণালী পামত অতিবাহিত কৰা গীতিকবিৰ বাসগৃহত আজি নিমাওমাও পৰিৱেশ।
গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা জীৱিত কালৰ পৰাই ঘৰটো চোৱা-চিতা কৰা এগৰাকী মহিলাই এতিয়াও চোৱা চিতা কৰি আছে। ইফালে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই ব্যৱহাৰ কৰা বহু সম্পদ আজিও সজীৱ হৈ থকা এই বাসগৃহটো সংৰক্ষণযোগ্য যদিও সেয়া হৈ উঠা পৰিলক্ষিত হোৱা নাই ।
শেহতীয়াকৈ সাংসদ তপন কুমাৰ গগৈৰ নেতৃত্বত গীতিকবি গৰাকীৰ সমাধিস্থলী গড়কাপ্তানী বিভাগৰ জৰিয়তে সংৰক্ষণ আৰু সুন্দৰ্যবৰ্ধৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|