শিৱসাগৰ থানাত সত্যৰঞ্জন বৰা আৰু গীতা কামৰূপা, গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা

News18 Assam | News18-Assam
Updated:September 16, 2020, 5:44 PM IST
শিৱসাগৰ থানাত সত্যৰঞ্জন বৰা আৰু গীতা কামৰূপা, গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা
অৱশেষত শিৱসাগৰ সদৰ থানাত হাজিৰ হ'বলৈ বাধ্য হ'ল শিৱসাগৰৰ নাৰী সমাজৰ লগতে দল সংগঠনৰ বিৰুদ্ধে অপমানসূচক মন্তব্য আগবঢ়োৱা বহু বিতৰ্কিত গীত কামৰূপা

অৱশেষত শিৱসাগৰ সদৰ থানাত হাজিৰ হ'বলৈ বাধ্য হ'ল শিৱসাগৰৰ নাৰী সমাজৰ লগতে দল সংগঠনৰ বিৰুদ্ধে অপমানসূচক মন্তব্য আগবঢ়োৱা বহু বিতৰ্কিত গীত কামৰূপা

  • News18 Assam
  • Last Updated: September 16, 2020, 5:44 PM IST
  • Share this:
শিৱসাগৰ আৰক্ষীয়ে তিনিখনকৈ চমন জাৰি কৰাৰ অন্তত শিৱসাগৰ সদৰ থানাত উপস্থিত হ'ল গীত কামৰূপা নামৰ বিতৰ্কিত মহিলাগৰাকী। উচ্চ ন্যায়ালয়ৰ অগ্ৰিম জামিন লৈ শিৱসাগৰ সদৰ থানাত উপস্থিত হ’ল বিতৰ্কিত গীত কামৰূপা। লগতে হাজিৰ হয় সাম্প্ৰদায়িকাতৰ বিষবাষ্প বিয়পাই সংবাদ শিৰোনাম দখল কৰিবলৈ সদায় চেষ্টা চলাই থকা বিজেপি নেতা সত্যৰঞ্জন বৰা।

সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা শিৱসাগৰ সদৰ থানাত উপস্থিত হোৱা খবৰ বিয়পি পৰাৰ লগে লগে শিৱসাগৰৰ কেইবাটাও দল সংগঠনৰ লগতে মহিলা সমাজে শিৱসাগৰ সদৰ থানাৰ সন্মুখত বিতৰ্কিত গীত কামৰূপা আৰু সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত  প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে থানাৰ চৌহদত অৱস্থান ধৰ্মঘট কৰে।

দুই অভিযুক্ত গীত কামৰূপা আৰু সত্যৰঞ্জন বৰাক আৰক্ষীয়ে ৰাজ আতিথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে শিৱসাগৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা আঁতৰাবলৈ বৰ্বৰতা প্ৰদৰ্শন কৰে। লগতে প্ৰতিবাদকাৰীক শাৰীৰিক ভাবে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে।

ইয়াৰ পিছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে যদিও জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ প্ৰচেষ্টাত পৰিস্থিতি স্বাভাৱিক হয় । কেইবাঘণ্টা ধৰি সোধা-পোছাৰ অন্তত সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাক যাবলৈ দিয়া হয় ।
Published by: Himangshu Bhuyan
First published: September 16, 2020, 5:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading