গৌতম ৰয় এতিয়া আৰু ‘বৰাকৰ ৰজা’ হ’ব নোৱাৰিব : ৰণজিত দাস

বিজেপিত যোগদান গৌতম ৰয়, শান্তিয়াজ কুজুৰ আৰু হিৰণ্য ভূঞাৰ

News18-Assam
Updated:August 11, 2019, 12:42 PM IST
গৌতম ৰয় এতিয়া আৰু ‘বৰাকৰ ৰজা’ হ’ব নোৱাৰিব : ৰণজিত দাস
বিজেপিত যোগদান গৌতম ৰয়, শান্তিয়াজ কুজুৰ আৰু হিৰণ্য ভূঞাৰ
News18-Assam
Updated: August 11, 2019, 12:42 PM IST
বিপুল বৰ্মন : প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰ আৰু যুৱ নেতা হিৰণ্য ভূঞাই দেওবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদানৰ সময়তে ৰাজ্যিক সভাপতি ৰণজিত ঘোষণা – বৰাকৰ এসময়ৰ ৰজা গৌতম ৰয়ে এতিয়া বিজেপিত সাধাৰণ কৰ্মীৰ দৰে কাম কৰিব লাগিব। গৌতম ৰয়ক ‘ৰজা’ বুলি নিলিখিবলৈ সংবাদ মাধ্যমকো অনুৰোধ জনায় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। তিনিওগৰাকী নেতা সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মত – কোনেও নাভাৱিব গৌতম ৰয়ে ৰাতাবাৰীত, শান্তিয়াজ কুজুৰে ৰঙাপাৰাৰ উপ–নিৰ্বাচনত টিকট পাব বুলি, তিনিওগৰাকী নেতাই দলৰ হৈ কাম কৰিব লাগিব। ৰণজিত দাসৰ মন্তব্যৰ প্ৰত্যুত্তৰত গৌতম ৰয়ে কয় – মই ‘ৰজা’ নহয়, গান–নৃত্য সকলো বাদ দিলো।
আৰু চাওক পৰৱৰ্তী বাতৰি