‘বৰাকৰ ৰজা’ যাব বিজেপিলৈ, ত্যাগ কৰিলে কংগ্ৰেছ দল

দলত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছ দলত, ভুৱনেশ্বৰ কলিতাৰ পিছত বিজেপি দলত যোগ দিব গৌতম ৰয়ে

News18-Assam
Updated:August 10, 2019, 2:25 PM IST
‘বৰাকৰ ৰজা’ যাব বিজেপিলৈ, ত্যাগ কৰিলে কংগ্ৰেছ দল
Source-Google
News18-Assam
Updated: August 10, 2019, 2:25 PM IST
ক্ষমতাৰ খক! যেতিয়ালৈকে কংগ্ৰেছ দল ক্ষমতাত আছিল তেতিয়া কংগ্ৰেছ দলৰ গুণানুকীৰ্তন কৰি তত পোৱা নাছিল একাংশ নীতি আদৰ্শহীন ৰাজনীতিকে। কিন্তু ২০১৬ চনত অসমত বিজেপি দল ক্ষমতালৈ অহাৰ পিছতে যেন সেই সকল কংগ্ৰেছীয়েই  বিজেপি দললৈ ঢাপলি মেলাৰ এক অঘোষিত প্ৰতিযোগিতাতহে লিপ্ত হ’ল!

ভুৱনেশ্বৰ কলিতাৰ পিছত এইবাৰ গেৰুৱা বসন পিন্ধিবলৈ সাজু  নিজকে ‘বৰাকৰ ৰজা’ বুলি পৰিচয় দিয়া তৰুণ গগৈ চৰকাৰৰ সময়ৰ মন্ত্ৰী গৌতম ৰয়। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ গৌতম ৰয়ে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। বিজেপিত যোগদান সন্দৰ্ভত ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে বৈঠকত মিলিত হৈছে গৌতম ৰয়।

দেওবাৰে দিনৰ ১১বজাত হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত বিজেপিত যোগ দিব বৰাকৰ প্ৰতাপী নেতাজনে ৷ বিজেপিৰ হিন্দুত্ববাদৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদানৰ সিদ্ধান্ত গৌতম ৰয়ৰ ৷ "ক্ষমতাৰ লোভত মই বিজেপিলৈ যাব খোজা নাই ৷ মই সাধাৰণ কৰ্মী হৈয়েই থাকিম বিজেপিত ৷ বিজেপিৰ নীতি আদৰ্শ, নৰেন্দ্ৰ মোদীৰ কামকাজে মোক আকৃষ্ট কৰিছে ৷ ত্ৰিছ বছৰ মই হিন্দুৰ ভোটেৰেই জয়ী হৈছো ৷" সংবাদ মাধ্যমত মন্তব্য গৌতম ৰয়ৰ ৷

দেওবাৰে বিজেপিৰ মুখ্য কাৰ্যলয়ত ভৰত নৰহ, ৰাণী নৰহৰ সৈতে একেলগে বিজেপিত যোগদান কৰিব গৌতম ৰয়ে। কংগ্ৰেছ চৰকাৰৰ সময়ত ব্যৰ্থ মন্ত্ৰী বুলি জনাজাত গৌতম ৰয়ৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে দুৰ্নীতিৰ অভিযোগ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি