• Home
  • »
  • News
  • »
  • assam
  • »
  • গৌতম ৰয়ৰ ৰক্ত পুৰাণ: ৰক্তদানক লৈ কি ক'লে গৌতম ৰয়ে?

গৌতম ৰয়ৰ ৰক্ত পুৰাণ: ৰক্তদানক লৈ কি ক'লে গৌতম ৰয়ে?

Source-Google

Source-Google

গৌতম ৰয়ৰ মতে, গৌতম ৰয়ৰ তেজ যি ল'ব তেওঁ হেনো পাগল হব

  • Share this:
    ৰাজু বৰুৱাঃ সেৱা সপ্তাহ উপলক্ষে বিজেপিৰ ৰক্তদান কাযসূচীত উপস্থিত আছিল বৰাকৰ ৰজা খ্যাত গৌতম ৰয় ৷ ৰক্তদানৰ অনুষ্ঠানলৈ আহি পিছে গৌতম ৰয়ে দান নকৰিলে তেজ। গৌতম ৰয়ৰ মতে, গৌতম ৰয়ৰ তেজ যি ল'ব তেওঁ হেনো পাগল হব, গৌতম ৰয়ৰ দৰে ওলট-পালট কাম কৰিব। নিজৰ তেজৰ বদনাম কৰিলেও হিমন্ত বিশ্ব শৰ্মাৰ তেজৰ প্ৰশংসাত পঞ্চমুখ হ'ল গৌতম ৰয় ৷ গৌতম ৰয়ৰ মতে, হিমন্ত বিশ্ব শৰ্মাৰ তেজ যাৰ শৰীৰে পাব তেওঁ হ'ব ভাগ্যবান। হিমন্ত বিশ্ব শৰ্মাৰ তেজ পোৱা মানুহজন হ'ব গুণী-জ্ঞানী ৷
    বিজেপি ত যোগ দিয়াৰ পাছৰে নিজকে সলনি কৰিছে হেনো গৌতম ৰয়ে ৷ কংগ্ৰেছত থাকোতে গান গোৱা গৌতম ৰয়ে হেনো বন্ধ কৰিছে, গান বন্ধ কৰি গৌতম ৰয়ে আজিকালি আওৰাই কবিতা ৷ সেয়ে গান বন্ধ কৰি এইবাৰ কবিতাত ধৰিলে গৌতম ৰয়ে।
    First published:

    শেহতীয়া বাতৰি