অগপত যোগদান কৰিব গৌতম ৰয়–ছিদ্দেক আহমেদে! অতুল বৰা–প্ৰফুল্ল মহন্তৰে যোগাযোগ

নিলম্বিত হোৱাৰ পিছতে দিশহাৰা দুই প্ৰাক্তন মন্ত্ৰী!

News18-Assam
Updated:June 29, 2019, 1:30 PM IST
অগপত যোগদান কৰিব গৌতম ৰয়–ছিদ্দেক আহমেদে! অতুল বৰা–প্ৰফুল্ল মহন্তৰে যোগাযোগ
ফটো উৎসঃইণ্টাৰনেট
News18-Assam
Updated: June 29, 2019, 1:30 PM IST
ৰাহুল চক্ৰৱৰ্তী, নিউজ18: বিজেপি নহয় অগপতহে যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দেক আহমদে! অগপত যোগদানৰ বাবে দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে যোগাযোগ কৰিছে দুই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীয়ে। এই কথা সদৰি কৰিলে অসম গণ পৰিষদৰ হাইলাকান্দি জিলা সভাপতিয়ে

কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিছত এতিয়া বিভ্ৰান্ত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়। ছিদ্দেক আহমদৰো একেই অবস্থা। কোনটো দলত থাকিব, কেনেকৈ আগবঢ়াব ৰাজনৈতিক জীৱন? যেন দিশহাৰা দুই প্ৰাক্তন মন্ত্ৰী। বৰাকৰ দুইগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দলৰ সলনি দলত যোগদানৰ চেষ্টা চলাই আছে। শণিবাৰে অসম গণ পৰিষদৰ হাইলাকান্দি জিলাৰ নৱ নিযুক্ত সভাপতি আফতাব উদ্দিন লস্কৰ হাইলাকান্দিত উপস্থিত হৈ এই কথা ঘোষনা কৰে। আফতাব উদ্দিনৰ দাবী অতি সোনকালে এই দুগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে যোগদান কৰিব অগপত। ইতিমধ্যেই দলৰ সভাপতি অতুল বৰা আৰু প্ৰতিষ্ঠাতা সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে যোগাযোগ স্থাপন কৰিছে গৌতম ৰয় আৰু ছিদ্দেক আহমদে।
আৰু চাওক পৰৱৰ্তী বাতৰি