ৰাজ্যিক গৃহ নিৰ্মান আৰু অন্যান্য নিৰ্মান শ্ৰমিক কল্যাণ পৰিষদৰ ১২১ কোটি টকাৰ কেলেংকাৰীক অন্যতম খলনায়ক গৌতম বৰুৱাক নতুন দিল্লীৰ পৰা আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰি অনাৰ পিছতে পোহৰলৈ আহিছে কেলেংকাৰীটোৰ বহু তথ্য ৷
তদানীন্তন শ্ৰম আয়ুক্ত তথা শ্ৰমিক কল্যাণ পৰিষদৰ সদস্য সচিব চৌহান দলে আৰু অধ্যক্ষ গৌতম বৰুৱাই নিজ হাতেৰে শ্ৰম বিভাগৰ আইন উলংঘা কৰি ঠিকা দিছিল তেওঁলোকৰ ঘনিষ্ঠ ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীক। দিছিল লিফলেট, বুকলেট, ফৰ্ম, ৰেজিষ্টাৰ ছপা কৰাৰ ঠিকা ৷ ঠিকা দিয়াৰ মতে প্ৰিয়াংশু বৈৰাগীয়ে নিজৰ পূৰ্বশ্ৰী প্ৰিন্টাৰ্ছে ২০১৩-১৪ চনত ছপা কৰিছিল প্ৰায় ৩০কোটি টকাৰ লিফলেট আৰু বুকলেট ৷ যিবোৰ বিতৰণৰ দায়িত্ব দিয়া হৈছিল সৰ্বশিক্ষা বিভাগক ৷ তাৰ পিছতে ২০১৪ -১৫ চনত শ্ৰম বিভাগৰ কাৰ্যালয়ত ব্যৱহাৰ কৰাৰ বাবে ছপা কৰা হৈছিল ৪৬ কোটি টকাৰ বিভিন্ন ফৰ্ম আৰু ৰেজিষ্টাৰ।
পুনৰ ২০১৫-১৬ চনত ছপা কৰা হৈছিল ৪২ কোটি টকাৰ লিফলেট আৰু বুকলেট ৷ এই সমূহৰো বিতৰণৰ দায়িত্ব দিয়া হৈছিল সৰ্বশিক্ষা বিভাগক ৷ ২০১৭ চনত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰম্ভ কৰা তদন্তত পোহৰলৈ আহিছিল পৰিষদত সংঘটিত ব্যাপক দুৰ্নীতিৰ ৷ কেৱল ইমানেই নহয় চৌহান দলে আৰু গৌতম বৰুৱাই প্ৰিয়াংশু বৈৰাগীক বজাৰ মূল্যতকৈ দুগুন মূল্য দিছিল ছপা কৰাৰ বাবে ৷
তদন্তকাৰী সংস্থাৰ চাৰ্জশ্বিটত উল্লেখ কৰাৰ মতে যি সমূহ সামগ্ৰী প্ৰিন্ট কৰা হৈছিল সেই সমূহ সামগ্ৰীৰ প্ৰকৃত বজাৰ মূল্য ৬০ কোটি টকাতকৈ অধিক নহয় ৷ কিন্তু চৌহান দলে আৰু গৌতম বৰুৱাই প্ৰিয়াংশু বৈৰাগীক দুগুন মূল্যত দিয়াইছিল ঠিকা ৷ কেৱল ইমানেই নহয় ছপা হোৱা সামগ্ৰীসমূহ বিতৰণৰ দায়িত্ব দিয়া সৰ্ব শিক্ষা বিভাগতো সংঘটিত হৈছিল খেলিমেলিৰ ৷ যি সমূহ ট্ৰাকত সামগ্ৰী সমূহ পঠিওৱা দেখুৱা হৈছিল সেই সমূহ ট্ৰাকৰ নম্বৰ পৰীক্ষা কৰোতে ওলাইছিল খেলিমেলিৰ তথ্য ৷ বেছি ভাগ গাড়ীৰ নম্বৰ আছিল ভুৱা ৷ তদন্তকাৰী সংস্থাই ৰাজ্য চৰকাৰলৈ এই বিষয়ত দোষী বিষয়া কৰ্মচাৰীৰ ওপৰত বিভাগীয় ব্যৱস্থা লোৱাৰ বাবে পত্ৰ দিছে ৷ আনহাতে ১০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকা গৌতম বৰুৱাৰ পৰা আৰু কোনোবা এই কেলেংকাৰীত জৰিত আছে নে কি সেই কথা উলিওৱাৰ চেষ্টা কৰা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|