মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাজনিশা ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ৰখাই কৰিছিল ধন দাবী, ৰঙাঘৰৰ আলহী হ’ল ‘ৰাইজৰ দল’ৰ আহ্বায়ক

মাজনিশা ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ৰখাই কৰিছিল ধন দাবী, ৰঙাঘৰৰ আলহী হ’ল ‘ৰাইজৰ দল’ৰ আহ্বায়ক

News18 Assam | News18-Assam
Updated:October 12, 2020, 2:02 PM IST
মাজনিশা ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ৰখাই কৰিছিল ধন দাবী, ৰঙাঘৰৰ আলহী হ’ল ‘ৰাইজৰ দল’ৰ আহ্বায়ক
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত নতুন ৰাজনৈতিক দল 'ৰাইজৰ দল'ৰ এজন আহ্বায়ক আৰক্ষীৰ জালত পৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত নতুন ৰাজনৈতিক দল 'ৰাইজৰ দল'ৰ এজন আহ্বায়ক আৰক্ষীৰ জালত পৰিছে।

  • Share this:
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত নতুন ৰাজনৈতিক দল 'ৰাইজৰ দল'ৰ এজন আহ্বায়ক আৰক্ষীৰ জালত পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ৰখাই ধন দাবী কৰাৰ অভিযোগত গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আহ্বায়কজনক।

গ্ৰেপ্তাৰ হোৱা আহ্বায়কজন টীয়কৰ মনোজ গগৈ। অসম প্ৰেমী ছাত্ৰ যুৱ সমাজ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি মনোজ গগৈয়ে শনিবাৰে নিশা শিৱসাগৰৰ ভটীয়াপাৰত এখন মালবাহী ট্ৰাক আগচি ধন দাবী কৰিছিল। ‘AS 01 U 1085’ নম্বৰৰ তিনিচুকীয়াৰ পৰা অহা ট্ৰাকখনত কঢ়িয়াই অনা হৈছিল ষ্টীলৰ সামগ্ৰী। এখন মাৰুতি গাড়ীৰে মনোজ গগৈ আৰু তেওঁৰ তিনি সতীৰ্থই ৰাতি ভয় ভাবুকিৰে ধন দাবী কৰিছিল ট্ৰাকখনৰ চালকৰ পৰা।

এই কাণ্ডৰ পিছত গৌৰীসাগৰ আৰক্ষী থানাত ভুক্তভোগী ট্ৰাক চালকজনে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে চাৰিওকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গৌৰীসাগৰ থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ৩৪১/২৯৪/৫০৬ ধাৰাত গ্ৰেপ্তাৰ হোৱা 'ৰাইজৰ দল'ৰ আহ্বায়ক মনোজ গগৈ আৰু তিনি সতীৰ্থ পৰাগ বুঢ়াগোহাঁই, উদ্দীপ বৰা, বিদ্যুত চুতীয়াক ৰাতিলৈ ব্যক্তিগত জামিনত মুকলি কৰি দিয়া হয়। নৱ গঠিত ৰাজনৈতিক দলটোৰ এগৰাকী আহ্বায়ক ধন দাবীৰ গোচৰত ৰঙা ঘৰৰ আলহী হ'ব লগা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে |
Published by: Himangshu Bhuyan
First published: October 12, 2020, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি