'কি খবৰ? ভালে আছানে?' - হঠাত্ এগৰাকী যুৱতীলৈ ভিডিও ক'ল সাংসদ গৌৰৱ গগৈৰ। সৰস্বতী পূজাৰ দিনাই সাংসদগৰাকীয়ে ভিডিও ক'ল কৰা দেখি আচৰিত হৈ পৰিল যুৱতীগৰাকীও। পিছে ভিডিও ক'লত যুৱতীগৰাকীৰ সৈতে কি কথা পাতিলে সাংসদগৰাকীয়ে?
এতিয়া ৰাজ্যজুৰি চলি আছে কংগ্ৰেছৰ অসম বচাও অভিযান। অসমৰ বিভিন্ন প্ৰান্তলৈ বাছেৰে যাত্ৰা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। তাৰ মাজতে মঙলবাৰে গৌৰৱ গগৈয়ে ভিডিও ক'ল কৰিলে যুৱতীগৰাকীলৈ।
কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ বাবে ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰামৰ্শ বিচাৰি বিভিন্ন বিষয় তথা সমস্যাৰ বিষয়ে দুই মিনিটৰ ভিডিও প্ৰস্তুত কৰি ছচিয়েল মিডিয়াযোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল দলটোৱে। লগতে শ্ৰেষ্ঠ ভিডিও’ সমূহৰ স্ৰষ্টাসকলক আই ফোনেৰে পুৰষ্কৃত কৰা হ'ব বুলি আশ্বাস দিয়া হৈছিল।
আৰু মঙলবাৰে এনেদৰে ভিডিও প্ৰেৰণ কৰি প্ৰথমবাৰলৈ আইফোন জয় কৰিলে এগৰাকী যুৱতীয়ে। পিছত মানশ্ৰীতা নামৰ যুৱতীগৰাকীক ভিডিও ক'ল কৰি শুভেচ্ছা জনালে সাংসদ গৌৰৱ গগৈয়ে। যুৱতীগৰাকীয়ে মহিলাৰ সুৰক্ষাৰ সন্দৰ্ভত প্ৰেৰণ কৰিছিল ভিডিও।
অসমৰ প্ৰাসংগিক সমস্যাসমূহ দাঙি ধৰিবৰ বাবে #AssamBachao জৰিয়তে দলটোৱে 'অসম বচাওঁ আহক' নামেৰে এখন অনলাইন ভিডিঅ' প্ৰতিযোগিতা আয়োজন কৰে।
খানাপাৰাৰ ২৩ বছৰীয়া মনস্বিতা মহন্ত,(কামৰূপ জিলা) প্ৰথম পুৰস্কাৰ হিচাপে iPhone12 ম'বাইল লাভ কৰিছে। আনহাতে আইআইটি গুৱাহাটীৰ ছাত্ৰ অভিনব বৰাই দ্বিতীয় পুৰস্কাৰ হিচাপে One plus ম'বাইল লাভ কৰিছে। শিৱসাগৰ জিলাৰ ইয়ান বাণ্টাৱা আৰু টি এন প্ৰানে তেওঁলোকৰ ভিডিঅ'ৰ বাবে নগদ পুৰষ্কাৰ লাভ কৰিছে।
কংগ্ৰেছ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ গৌৰৱ গগৈয়ে ভিডিঅ' কলৰ জৰিয়তে বিজয়ীসকলক অভিনন্দন জনাইছে।
কংগ্ৰেছ দলে ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত দলৰ কাৰ্যালয়ৰ পৰা এই অভিযান আৰম্ভ কৰিছিল। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ, এজন ব্যক্তিয়ে যিকোনো মুখ্য ছচিয়েল মিডিয়া প্লেটফৰ্মত #AssamBachao লিখি ভিডিঅ'টো পোষ্ট কৰিবলৈ কোৱা হৈছিল আৰু তাৰ পিছত ভিডিঅ'টো www.AssamBachao.in ৱেবচাইটত গৈ জমা দিবলৈ কোৱা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|