‘দেউতাৰ শৰীৰটো দেখা নাপালেও, মোৰ সুখে দুখে তেওঁৰ মাত শুনা পাম, মোৰ আত্মাত সদায় দেউতাক কঢ়িয়াই লৈ ফুৰিম’- কান্দোনত ভাগি পৰিল পুত্ৰ গৌৰৱ গগৈ

News18 Assam | News18-Assam
Updated:November 23, 2020, 10:41 PM IST
‘দেউতাৰ শৰীৰটো দেখা নাপালেও, মোৰ সুখে দুখে তেওঁৰ মাত শুনা পাম, মোৰ আত্মাত সদায় দেউতাক কঢ়িয়াই লৈ ফুৰিম’- কান্দোনত ভাগি পৰিল পুত্ৰ গৌৰৱ গগৈ
পিতৃক হেৰুৱাই  সংবাদমাধ্যমৰ আগত শোকস্তদ্ধ হৈ পৰিল গৌৰৱ গগৈ।

পিতৃক হেৰুৱাই  সংবাদমাধ্যমৰ আগত শোকস্তদ্ধ হৈ পৰিল গৌৰৱ গগৈ।

  • News18 Assam
  • Last Updated: November 23, 2020, 10:41 PM IST
  • Share this:
‘ দেউতাৰ গা বেয়া হৈ গৈ আছিল। তেওঁ বহু যুদ্ধ কৰিলে। তেওঁৰ জীয়ৰী বিদেশত আছিল, জীয়ৰী ঘূৰি অহাৰ বাবে, নাতি, নাতিনী ঘূৰি অহাৰ বাবে তেওঁ ৰৈ আছিল। আৰু তেওঁলোক অহাৰ পিছতে তেওঁ আমাক সকলোকে বিদায় দিলে। দেউতাৰ শৰীৰটো দেখা নাপালেও, মোৰ জীৱনৰ প্ৰতিটো বিপদত, প্ৰতিটো সুখৰ মুহূৰ্তত তেওঁৰ মাত শুনা পাম। দেউতাকৰ সকলো দায়িত্ব তেওঁ পালন কৰিলে। তেওঁৰ পুত্ৰ হিচাপে মই গৌৰাৱান্বিত। মোৰ আত্মাত সদায় দেউতাক কঢ়িয়াই লৈ ফুৰিম।’- এনেদৰে পিতৃক হেৰুৱাই  সংবাদমাধ্যমৰ আগত শোকস্তদ্ধ হৈ পৰিল গৌৰৱ গগৈ।



গৌৰৱ গগৈয়ে লগতে কয় যে, ‘এই বছৰটো মোৰ বাবে অদ্ভুত। আমাৰ ঘৰলৈ ছোৱালী আহিল। কিন্তু দেউতাক কাঢ়ি লৈ গুচি গ’ল। মই সদায় দেউতাক মোৰ আত্মাত কঢ়িয়াই লৈ ফুৰিম। তৰুণ গগৈ পুত্ৰ হিচাপে মই গৌৰৱ অনুভৱ কৰো।’
Published by: Himangshu Bhuyan
First published: November 23, 2020, 10:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading