• Home
  • »
  • News
  • »
  • assam
  • »
  • সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ-AIUDFৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী!

সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ-AIUDFৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী!

“কংগ্ৰেছ আমাৰ বিগ ব্ৰাডাৰ ৷ কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰী হ'ব ৷ তেওঁলোকে কাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে সেয়া তেওঁলোকৰ দলৰ কথা ৷’ ক’লে AIUDFৰ বিধায়কে।

“কংগ্ৰেছ আমাৰ বিগ ব্ৰাডাৰ ৷ কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰী হ'ব ৷ তেওঁলোকে কাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে সেয়া তেওঁলোকৰ দলৰ কথা ৷’ ক’লে AIUDFৰ বিধায়কে।

“কংগ্ৰেছ আমাৰ বিগ ব্ৰাডাৰ ৷ কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰী হ'ব ৷ তেওঁলোকে কাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে সেয়া তেওঁলোকৰ দলৰ কথা ৷’ ক’লে AIUDFৰ বিধায়কে।

  • Share this:
কংগ্ৰেছ-AIUDF আৰু বাওপন্থী দলৰ মিত্ৰজোঁটে ২০২১ৰ নিৰ্বাচনত কাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব? চৰ্চালৈ আহিছে লোকসভাৰ বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈৰ নাম ৷ সঁচাকৈয়ে মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদত প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব নেকি গৌৰৱ গগৈ?

ইতিমধ্যে কংগ্ৰেছ আৰু AIUDFএ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মহাজোঁট বন্ধনৰ ক্ষেত্ৰত এখোজ এখোজ কৈ আগবাঢ়িছে ৷ এই মহাজোঁট বন্ধনত কংগ্ৰেছ হৈছে বিগ ব্ৰাডাৰ ৷ এই হিচাপতে হ’ব আসনৰো ভাগ বতৰা।

AIUDFৰ মূৰব্বী বদৰুদ্দিন আজমল গুৱাহাটীলৈ আহিলে হ'ব আসনৰ ক্ষেত্ৰত চূড়ান্ত বুজাবুজি ৷ কিন্তু কোন হ'ব মহাজোঁটৰ মুখ্যমন্ত্ৰী? চৰ্চাত গৌৰৱ গগৈৰ নাম ৷ কংগ্ৰেছে প্ৰক্ষেপ কৰিব নেকি মুখ্যমন্ত্ৰী পদৰ বাবে গৌৰৱ গগৈক?

শেহতীয়াকৈ লোকসভাৰ বিৰোধীৰ উপদলপতি পদত কংগ্ৰেছ হাইকামাণ্ডে নিযুক্তি দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈক ৷ ইয়াৰ পিছতে ২০২১ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পদৰ দাবীদাৰ হিচাপে চৰ্চালৈ আহিছে সাংসদ গৌৰৱ গগৈৰ নাম ৷ পিছে মহাজোঁটৰ অন্যতম দল AIUDFএ সমৰ্থন কৰিবনে গৌৰৱ গগৈক?

“কংগ্ৰেছ আমাৰ বিগ ব্ৰাডাৰ ৷ কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰী হ'ব ৷ তেওঁলোকে কাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে সেয়া তেওঁলোকৰ দলৰ কথা ৷ কিন্তু আমি জানো যে অসমে এজন যোগ্য মুখ্যমন্ত্ৰী পাব ৷ সকলো জাতি-জনগোষ্ঠী, ভাষা-ধৰ্মালম্বী লোকক লৈ আগবাঢ়ি যাব পৰা এজন মুখ্যমন্ত্ৰী অসমে পাব,” News18ক এনেদৰে ক'লে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে ৷

পিছে গৌৰৱ গগৈৰ নাম মুখ্যমন্ত্ৰী হিচাপে হাইকামাণ্ডে প্ৰক্ষেপ কৰাকলৈ কোনো মন্তব্য দিয়া নাই প্ৰদেশ কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ মতে, হাইকামাণ্ডে যি সিদ্ধান্ত ল'ব- সেয়াই হ'ব চূড়ান্ত সিদ্ধান্ত ৷
Published by:Himangshu Bhuyan
First published: