• Home
  • »
  • News
  • »
  • assam
  • »
  • সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই একেলগে চাইকেল ৰেলীত অংশগ্ৰহণ নকৰে কিয়? – প্ৰশ্ন গৌৰৱ গগৈৰ

সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই একেলগে চাইকেল ৰেলীত অংশগ্ৰহণ নকৰে কিয়? – প্ৰশ্ন গৌৰৱ গগৈৰ

পলাশবাৰীত বৃহস্পতিবাৰে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত ৰূপায়ণ হ’ল ‘অসম বচাও আহক’ কাৰ্যসূচী।

পলাশবাৰীত বৃহস্পতিবাৰে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত ৰূপায়ণ হ’ল ‘অসম বচাও আহক’ কাৰ্যসূচী।

পলাশবাৰীত বৃহস্পতিবাৰে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত ৰূপায়ণ হ’ল ‘অসম বচাও আহক’ কাৰ্যসূচী।

  • Share this:
অহাবাৰ বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ’ব? সৰ্বানন্দ সণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই একেলগে কিয় চাইকেল ৰেলীত অংশগ্ৰহণ নকৰে? এইবাৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপিক কৰিলে এই প্ৰশ্ন।

পলাশবাৰীত বৃহস্পতিবাৰে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত ৰূপায়ণ হ’ল ‘অসম বচাও আহক’ কাৰ্যসূচী। শতাধিক কংগ্ৰেছ নেতা–কৰ্মীৰ লগত ডিঙিত কা বিৰোধী গামোচা লৈ পলাশবাৰী, মিৰ্জা, চিমিনা আদি স্থানত ৰেলী কৰি গৈ ৰাইজৰ লগত কথা পাতিলে কংগ্ৰেছৰ নেতাসকলে। তাৰ মাজতেই সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰি অহাবাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব বুলিও মন্তব্য কৰিলে।

আনহাতে, বিজেপি এইবেলি শংকিত হৈ পৰা বুলি কৈ সাংসদ গৌৰৱ গগৈয়ে অহাবাৰ বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ’ব, সৰ্বানন্দ সণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই একেলগে কিয় চাইকেল ৰেলীত অংশগ্ৰহণ নকৰে বুলিও প্ৰশ্ন কৰিলে।

‘কা’ বিৰোধী শ্লোগানেৰে ৰাইজৰ মাজলৈ আহি এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিজেপিয়ে কৰা সমালোচনাৰ কিন্তু কোনো উত্তৰ নিদিলে দুই কংগ্ৰেছ নেতাই।
Published by:Sanjay Kumar Das
First published: