• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম ইচ্ছা কি আছিল? পিতৃৰ অন্তিম ইচ্ছা পূৰণৰ বাবে এতিয়া সাজু হৈছে পুত্ৰ গৌৰৱ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম ইচ্ছা কি আছিল? পিতৃৰ অন্তিম ইচ্ছা পূৰণৰ বাবে এতিয়া সাজু হৈছে পুত্ৰ গৌৰৱ

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্তিম ইচ্ছানুসৰি সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ সাজু হৈছে পৰিয়ালৰ লোক।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্তিম ইচ্ছানুসৰি সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ সাজু হৈছে পৰিয়ালৰ লোক।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্তিম ইচ্ছানুসৰি সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ সাজু হৈছে পৰিয়ালৰ লোক।

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্তিম ইচ্ছানুসৰি সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ সাজু হৈছে পৰিয়ালৰ লোক। সোমবাৰে সংবাদ মাধ্যমক এই কথা জনালে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে। ৯ ডিচেম্বৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰম্ভ হ'ব শান্তি সদ্ভাৱনা যাত্ৰা।

৯ ডিচেম্বৰত যোৰহাটৰ পৰা আৰম্ভ হ'বলগীয়া শান্তি সদ্ভাৱনা যাত্ৰা ১২ জানুৱাৰীত গুৱাহাটীত সমাপ্ত হ'ব। সমগ্ৰ যাত্ৰাত অংশ লব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সকলো সাংসদ , বিধায়কৰ লগতে দলীয় নেতা কৰ্মী।

১০ ডিচেম্বৰত তিতাবৰত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰপিছত শদিয়ালৈ গৈ চিতাভষ্ম ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন কৰিব। গৌৰৱ গগৈয়ে জনোৱা মতে, প্ৰত্যেকখন জিলা সামৰিব এই শান্তি সদ্ভাৱনা যাত্ৰাই। পদযাত্ৰা কৰি যি অঞ্চলত যি নদী থাকিব তাতেই বিসৰ্জন কৰিব তৰুণ গগৈৰ চিতাভষ্ম। এই যাত্ৰা শান্তিৰ যাত্ৰা, সদ্ভাৱনাৰ যাত্ৰা, অসমৰ সমন্বয়ৰ বাবে থকা তৰুণ গগৈৰ লক্ষ্যৰ যাত্ৰা বুলি উল্লেখ কৰিছে পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে।

যাত্ৰাৰ সময়ত কোনো ৰাজনৈতিক মন্তব্যৰ পৰা বিৰত থাকিব গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতৃত্ব। ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। এতিয়া এই কাৰ্যসূচীৰ বাবে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে গগৈ পৰিয়ালে। ইফালে তৰুণ গগৈৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে বহুতে পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে বুলি সংবাদ মাধ্যমক জনাই পুত্ৰ গৌৰৱ গগৈয়ে।

ডিজিটেল লাইব্ৰেৰীৰ বাবে প্ৰায় ২ হাজাৰ ফটো পাইছে পৰিয়ালে। যি ফটো গৌৰৱ গগৈয়ে আগতে দেখা নাছিলে। লাইব্ৰেৰীটোৰ বাবে আৰু বহুত ফ'টো পাবলৈ আছে সেয়া পোৱাৰ পিছতেই ডিজিটেল লাইব্ৰেৰী আৰু ইষ্টাগ্ৰামত একাউণ্ট খুলিব গগৈ পৰিয়ালে।

তাৰোপৰি ২৩ ডিচম্বৰত যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰলোকপ্ৰাপ্তিৰ এমাহ হ’ব। সেইদিনাই গুৱাহাটীত ৰাজহুৱা সভাৰ আয়োজন কৰিছে পলিয়ালৰ লোকে।
Published by:Himangshu Bhuyan
First published: