অনুমোদন নোহোৱাকৈয়ে ২১টা বিষয়ত শিক্ষাদান, তদন্তৰ আওতালৈ আহিব IDOLৰ তদানীন্তন সঞ্চালক

News18 Assam | News18-Assam
Updated:December 2, 2019, 10:44 AM IST
অনুমোদন নোহোৱাকৈয়ে ২১টা বিষয়ত শিক্ষাদান, তদন্তৰ আওতালৈ আহিব IDOLৰ তদানীন্তন সঞ্চালক
UGCৰ অনুমোদন অবিহনে ২১টা বিষয়ত IDOLএ কৰি আহিছে শিক্ষাদান।

UGCৰ অনুমোদন অবিহনে ২১টা বিষয়ত IDOLএ কৰি আহিছে শিক্ষাদান।

  • Share this:
CAGৰ প্ৰতিবেদনক লৈ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ। NEWS18ক জনালে উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে। তদন্তৰ আওতালৈ আনিব IDOLৰ তদানীন্তন সঞ্চালক ড৹ কন্দৰ্প দাসক। তদন্তৰ বাবে উপচাৰ্যই গঠন কৰিছে ৭জনীয়া তদন্ত কমিটী।

UGCৰ অনুমোদন অবিহনে ২১টা বিষয়ত IDOLএ কৰি আহিছে শিক্ষাদান। অবৈধ পাঠ্যক্ৰমৰ নামত শিক্ষাৰ্থীৰ পৰা IDOL–এ সৰকাইছিল ৩৯.০৬ কোটি টকা। CAGৰ প্ৰতিবেদনৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বিশ্ববিদ্যালয়খনত। ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ দেখা দিছে অনিশ্চয়তা।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি