ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা মানি ক্লাছ আৰু হোষ্টেল সমূহো সাজু কৰিছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৩৫০ খন কলেজকো সাজু হবলৈ উপাচাৰ্য গৰাকীয়ে আহ্বান জনাইছে ।
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা মানি ক্লাছ আৰু হোষ্টেল সমূহো সাজু কৰিছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৩৫০ খন কলেজকো সাজু হবলৈ উপাচাৰ্য গৰাকীয়ে আহ্বান জনাইছে ।
অহা ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু ।শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অহা মাহৰ পৰা শিক্ষানুষ্ঠান আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
কোৰোণা ভাইৰাচৰ আতংকৰ বাবে বন্ধ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত কলেজ সমূহৰ শিক্ষা প্ৰদান ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে গুৱাহাটী বিশ্ববিদ্যালয়ে। অহা ১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয় খনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে ।
ছাত্র ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ লক্ষ্য কৰি বিশ্ববিদ্যালয় খনে লৈছে এই সিদ্ধান্ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে এই কথা আজি প্ৰকাশ কৰিছে । বিশ্ববিদ্যালয়ৰ চতুৰ্থ সান্মাষিকৰ পৰীক্ষাও অনুস্থিত কৰিবলৈ সাজু হৈছে । সহজ পদ্ধতিৰে অনুস্থিত কৰা হ’ব পৰীক্ষা।
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা মানি ক্লাছ আৰু হোষ্টেল সমূহো সাজু কৰিছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৩৫০ খন কলেজকো সাজু হবলৈ উপাচাৰ্য গৰাকীয়ে আহ্বান জনাইছে । ভাইৰাচৰ ভয়াবহতাৰ মাজতো যাতে শিক্ষাৰ্থী সকলোৰ শৈক্ষিক ভৱিষ্যতৰ ক্ষতি নহয় তাৰ ওপৰত গুৰুত্ব দিছে গুৱাহাটী বিশ্ববিদ্যালয়ে । সাৱধানতা অৱলম্বন কৰি আগবাঢ়িব পৰা যাব বুলিও আশা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|