• Home
  • »
  • News
  • »
  • assam
  • »
  • স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল কৰাৰ দাবী জনায় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে।

  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা আগন্তুক ২২  ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ। মুন তালুকদাৰে কয় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এয়া হঠকাৰী সিন্ধান্ত লৈছে। শিক্ষাৰ্থীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ পৰীক্ষা সূচী প্ৰস্তুত কৰিবলৈ দাবী জনাই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

যিহেতু এতিয়াও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ বহু মহাবিদ্যালয় ৰূপান্তৰিত হৈ আছে কোভিড কেয়াৰ কেন্দ্ৰলৈ। আনহাতে, মহামাৰী কোৰোণা ভাইৰাছৰ বাবে ৫ মাহ ধৰি কোনো পাঠদান হোৱা নাই আৰু অনলাইন পাঠদান সম্পূৰ্ণৰূপে বিফল হোৱা বুলি জনায় সাধাৰণ সম্পাদক মুন তালুকদাৰে।

তেনেস্থলত কোনো জাননী নোহোৱাকৈ হঠাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই পৰীক্ষাৰ কাৰ্যসূচী প্ৰকাশ কৰাক লৈ তীব্ৰ বিৰোধিতা কৰে বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই।

২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল কৰাৰ দাবী জনায় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে।
Published by:Sanjay Kumar Das
First published: