কোৰোণাৰ ত্ৰাসৰ বাবে শৈক্ষিক দিনপঞ্জীৰ সালসলনি ঘটালে গুৱাহাটী বিশ্ববিদ্যালয়ে

News18 Assam | News18-Assam
Updated:April 29, 2020, 9:03 AM IST
কোৰোণাৰ ত্ৰাসৰ বাবে শৈক্ষিক দিনপঞ্জীৰ সালসলনি ঘটালে গুৱাহাটী বিশ্ববিদ্যালয়ে
স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ তাৰিখ ১৫ জুলাই উল্লেখ কৰা হৈছে যদিও উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ওপৰত নির্ভৰ কৰিব এই তাৰিখ।

স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ তাৰিখ ১৫ জুলাই উল্লেখ কৰা হৈছে যদিও উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ওপৰত নির্ভৰ কৰিব এই তাৰিখ।

  • Share this:
দেশত দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে। যাৰ প্ৰভাৱ পৰিছে অৰ্থনীতিৰ পৰা শিক্ষা খণ্ডলৈ সকলোতে। কোৰোণা ভাইৰাছৰ বাবে দেশত চলি থকা লক ডাউনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ শৈক্ষিক দিনপঞ্জীৰ যথেষ্ট সালসলনি ঘটোৱা হৈছে।কোৰোণাজনিত পৰিস্থিতিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তিৰ দিন পূৰ্বতকৈ সালসলনি কৰিছে।

স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ তাৰিখ ১৫ জুলাই উল্লেখ কৰা হৈছে যদিও উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ওপৰত নির্ভৰ কৰিব এই তাৰিখ। কভিড–১৯ৰ বাবে লকডাউন হোৱাৰ বাবে স্নাতক দ্বিতীয়, চতুৰ্থ, ষষ্ঠ ষন্মাসিকৰ পৰীক্ষা একেলগে জুলাই মাহত অনুষ্ঠিত কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে।

প্ৰকল্পৰ ক্ষেত্ৰত পুথিভঁৰাল বা ই-পুথিভঁৰাল সম্পৰ্কীয় প্ৰকল্পক অনুমতি প্ৰদান কৰিছে বিশ্ববিদ্যালয়ে৷ স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষা ১৫ আগষ্টৰ পাছত অনুষ্ঠিত হ’ব। কিন্তু বাকী ৰৈ যোৱা অভ্যন্তৰীণ পৰীক্ষাসমূহ গৃহকৰ্মভিত্তিক হ’ব। একেদৰে ২০২০-২১ বৰ্ষৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে হোৱাৰ লগতে স্নাতকোত্তৰ শ্ৰেণীৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ’ব ছেপ্টেম্বৰৰ পৰা৷ সকলো বি এড পৰীক্ষা জুলাইৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব৷ এল এল বি পৰীক্ষা আন স্নাতক শ্ৰেণীৰ পৰীক্ষাৰ দৰে হ’ব আৰু এম এড পৰীক্ষা আন স্নাতকোত্তৰ পৰীক্ষাৰ দৰে হ’ব বুলি জানিবলৈ দিছে।
Published by: Sanjay Kumar Das
First published: April 29, 2020, 9:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading