• Home
  • »
  • News
  • »
  • assam
  • »
  • বন্যহস্তীৰ সুৰক্ষাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূ্ৰ্ণ ৰায়দান, বনভূমিত উচ্ছেদৰ নিৰ্দেশ

বন্যহস্তীৰ সুৰক্ষাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূ্ৰ্ণ ৰায়দান, বনভূমিত উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত বনাঞ্চল বেদখল মুক্ত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়

গোৱালপাৰাত বনাঞ্চল বেদখল মুক্ত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়

গোৱালপাৰাত বনাঞ্চল বেদখল মুক্ত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়

  • Share this:
ৰাজ্যত হস্তী–মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূ্ৰ্ণ ৰায়দান ৷ বঙাইগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক প্ৰণৱজ্যোতি শৰ্মাৰ আবেদনৰ ভিত্তিত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰে ৷

গোৱালপাৰা জিলাত বনাঞ্চল ধ্বংস, বন্যহস্তী আৰু মানুহৰ নিৰাপত্তা আদি কেইবাটাও দিশৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা পৰালক্ষিত হৈছে ৷

২০১২ চনত গোৱালপাৰাৰ বগুলামাৰীত চোৰাং চিকাৰীয়ে বন্যহস্তী এটাক গুলীয়াই আহত কৰি পৰৱৰ্তী সময়ত পেট্ৰ'ল ঢালি জ্বলাই দিছিল । ইয়াৰ পিছতো কেইবাটাও বন্যহস্তীক নৃশংসতাৰে নিধন কৰাৰ পিছত বন বিভাগ তথা চৰকাৰক বন্যহস্তী সংৰক্ষণ আৰু নিৰাপত্তাৰ বাবে আৱেদন জনোৱাৰ পিছতো গুৰুত্ব আৰোপ নকৰাত প্ৰকৃতিপ্ৰেমী যুৱকজনে ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷

প্ৰণৱজ্যােতি শৰ্মাই বনাঞ্চল ধ্বংস ৰোধ আৰু বন্যহস্তীৰ সুৰক্ষাক লৈ কৰা আবোদন প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজনিত গোচৰ পঞ্জীয়ন কৰি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ উক্ত ৰায়ত বন বিভাগৰ মুখ্য বন সংৰক্ষক অধ্যক্ষ হিচাপে লৈ আৰু গোৱালপাৰাৰ ডিচি , ডিএফঅ' আৰু এছপিক লৈ ট্ৰাস্ক ফ'ৰ্চ গঠন কৰি বন্যহস্তীৰ সুৰক্ষাৰ দিশ তদাৰক কৰাৰ নিৰ্দেশ জাৰি কৰে ৷

আনহাতে, গোৱালপাৰা জিলাৰ উন্নয়ন আৰু জিলা বন সংমণ্ডল প্ৰাধিকাৰীক যৌথভাৱে বনাঞ্চলসমূহৰ জৰীপ কৰি তিনি মাহৰ ভিতৰত উচ্ছেদ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ শেহতীয়া ন্যায়ালয়ৰ নিৰ্দেশনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত আশাৰ সঞ্চাৰ ঘটাইছে৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি