• Home
  • »
  • News
  • »
  • assam
  • »
  • নাছোৰবান্দা শিলাদিত্য দেব, লামডিং বনাঞ্চলত হ'বই লাগিব বেদখল উচ্ছেদ

নাছোৰবান্দা শিলাদিত্য দেব, লামডিং বনাঞ্চলত হ'বই লাগিব বেদখল উচ্ছেদ

অক্টোবৰত তিনিটা পৰ্যায়ত লামডিং বনাঞ্চলত চলিব উচ্ছেদ অভিযান।

অক্টোবৰত তিনিটা পৰ্যায়ত লামডিং বনাঞ্চলত চলিব উচ্ছেদ অভিযান।

অক্টোবৰত তিনিটা পৰ্যায়ত লামডিং বনাঞ্চলত চলিব উচ্ছেদ অভিযান।

  • Share this:

গৰুখুঁটিৰ উচ্ছেদ অভিযানতে থমকি ৰ'ব নেকি ৰাজ্যত চলি থকা চৰকাৰী ভূমিত বেদখল উচ্ছেদ ৷ নহয় ৷ অক্টোবৰৰ পৰা তিনিটা পৰ্যায়ত বেদখল উচ্ছেদ হ'ব লামডিং বনাঞ্চলত ৷ প্ৰাক্তন বিধায়ক শিলাদিত্য দেবৰ PILক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷


গৰুখুঁটিৰ উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ হৈ থকাৰ সময়তে হোজাইৰ প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেবে আনিছে লামডিঙৰ প্ৰসংগ৷ ২৬ জুনত এক PIL কৰিছিল শিলাদিত্য দেবে ৷ লামডিঙৰ বনাঞ্চলত হোৱা বেদখল সন্দৰ্ভত আছিল এই PIL ৷ শিলাদিত্য দেবৰ দাবী আছিল লামডিঙত হ'ব লাগে উচ্ছেদ অভিযান ৷ শিলাদিত্য দেবৰ যুক্তি– লামডিঙত হোৱা বেদখলৰ বাবে জংঘলৰ হাতী আহি পদপথত থাকে ৷


২০০৭ চনৰ পৰা শিলঘাট EXPRESSৰে আহি বহু সন্দেহজনক লোকে বসতি কৰিলে লামডিং বনাঞ্চলত ৷ কংগ্ৰেছ চৰকাৰে বেদখলকাৰীক কাগজ পত্ৰ কৰি দিয়াৰ, থাকিবলৈ অনুমতি দিয়াৰ গুৰুতৰ অভিযোগ শিলাদিত্যৰ ৷ এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈ ধন্যবাদ জনাইছে শিলাদিত্য দেবে ৷  অক্টোবৰৰ পৰা উচ্ছেদ কৰা হ'ব তিনিটা পৰ্যায়ত ৷


"২৬ জুনত PIL কৰিছিলোঁ। লামডিঙৰ বনাঞ্চলত হোৱা উচ্ছেদ সন্দৰ্ভত আছিল এই PIL, তাত বেদখল হোৱাৰ বাবে ৰাস্তাত হাতী থাকে, জংঘলত নাথাকে। শিলঘাট হৈ বহু সন্দেহজনক লোক আহে, আহি সেই হাজাৰ হাজাৰ লোক বনাঞ্চলত  বসবাস কৰে। মই মনে মনে আছিলোঁ ইমানদিনে এইবাবেই যে কংগ্ৰেছ চৰকাৰে তেওঁলোকক কাগজ পত্ৰ কৰি দিছিল, থাকিবলৈ অনুমতি দিছিল। মোৰ বিৰুদ্ধে তেওঁলোকে  আকৌ কেছ কৰিব পাৰে, মই পাব্লিচিটি বিচাৰি কৰা নাই কেৱল আমাৰ বনাঞ্চলহে ৰক্ষা কৰিব লাগিব। গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ । মুখ্যমন্ত্ৰীক ধন্যবাদ, তেওঁ বেদখলকাৰীক উচ্ছেদ কৰিছে।''


শিলাদিত্য দেবে লগতে কয়, ''বিদেশীৰ মানৱ অধিকাৰৰ কথা কবলৈ যাওঁতে, মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ যাওঁতে, আমাৰ মানৱ অধিকাৰ কোনে ৰক্ষা কৰিব? আমাৰ দেখোন মানৱ অধিকাৰ ক্ষুণ্ণ হৈছে। চৰকাৰী আঁচনিসমূহ কোনে পাইছে, প্ৰায় সন্দেহজনক লোকেই পাই আছে চৰকাৰী সুবিধা ৷ নতুনকৈ  য'ত আকৌ বেদখল হৈছে তেওঁলোকক চিনাক্ত কৰি য'ৰ পৰা আহিছিল তেওঁলোকক পঠাই দিব লাগে। মোৰ মতে লামডিঙত প্ৰায় ১০০০ হেক্টৰ মাটি বেদখল হৈ আছে।"

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি