உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৭ দিনৰ ভিতৰত চৰকাৰ আৰু পৌৰ নিগমক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    ৭ দিনৰ ভিতৰত চৰকাৰ আৰু পৌৰ নিগমক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷

    গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷

    গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷

    • Share this:
    গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন নিৰ্ধাৰিত সময়সীমা উকলি যোৱাৰ পিছতো কিয় অনুষ্ঠিত কৰা হোৱা নাই সেই সম্পৰ্কে চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমক জবাবদিহি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷

    গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷ উক্ত বৈঠকত গঠন হোৱা সমিতিখনৰ ম়্যাদ অন্ত পৰাৰ সময়তে নিৰ্বাচন অনুষ্ঠিত কৰি এখন নতুন সমিতি গঠন কৰিব লাগে৷ কিন্তু ২০১৮ চনৰ ৩১ জুলাইত এই নিৰ্ধাৰিত সময় পাৰ হৈ যাই যদিও চৰকাৰ কিম্বা পৌৰ নিগম কৰ্তৃপক্ষই অনুষ্ঠিত কৰা নাই নিৰ্বাচন৷ যাৰ বাবে সমাজকৰ্মী মীৰা বৰঠাকুৰে আদালতৰ সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰি এখন ৰাজহৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷

    এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে চৰকাৰ আৰু পৌৰ নিগমক জবাবদিহি কৰে৷ ৭ দিনৰ ভিতৰত বিগত দুটা বছৰে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ কাৰণ দৰ্শাবলৈ চৰকাৰ আৰু পৌৰ নিগমক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷

    মীৰা বৰঠাকুৰৰ অভিযোগ, বিভাগীয় মন্ত্ৰীগৰাকীয়ে নিজৰ কেইজনমান ঠিকাদাৰ আৰু IAS বিষয়াক লগত লৈ অনৈতিকভাৱে চলাই আহিছে গুৱাহাটী পৌৰ নিগম৷ স্বচ্ছ আৰু নিকা প্ৰশাসনৰ আশ্বাস দিয়া সোণোৱাল চৰকাৰে ৫ বছৰীয়া কাৰ্যকাল উকলি যোৱাৰ পিছতো কিয় পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা নাই সেয়া এই মুহূৰ্তত গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে৷ একেদৰে ৭টা দিনৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিদেৰ্শনাৰ চৰকাৰ আৰু পৌৰ নিগমে কি উত্তৰ দিয়ে সেয়াও লক্ষ্যণীয় হ’ব।
    Published by:Sanjay Kumar Das
    First published: