মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা জি এম চিৰ, মহানগৰীত চলাব পাৰিব মটৰচালিত ৰিক্সা

গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা জি এম চিৰ, মহানগৰীত চলাব পাৰিব মটৰচালিত ৰিক্সা

এতিয়াৰে পৰা মটৰ বিচ্ছিন্ন কৰা ৰিক্সাসমূহে পুনৰ সংযোগ কৰিব পাৰিব মটৰ।

এতিয়াৰে পৰা মটৰ বিচ্ছিন্ন কৰা ৰিক্সাসমূহে পুনৰ সংযোগ কৰিব পাৰিব মটৰ।

এতিয়াৰে পৰা মটৰ বিচ্ছিন্ন কৰা ৰিক্সাসমূহে পুনৰ সংযোগ কৰিব পাৰিব মটৰ।

  • Share this:
গুৱাহাটীত পূৰ্বৰ দৰে চলিব মটৰ চালিত ৰিক্সা। মটৰ চালিত ৰিক্সাচালকৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২২ বর্ষৰ ডিচেম্বৰ মাহত ৰিক্সাসমূহত মটৰ সংযোগ বিচ্ছিন্ন কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে জাৰি কৰিছিল নিদের্শনা। মহানগৰীৰ বিভিন্ন স্থানত চলিছিল ৰিক্সা জব্দ কৰাৰ অভিযান।

ইয়াৰ পিছতে পৌৰ নিগমৰ নিৰ্দেশনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সদৌ অসম মটৰ ৰিক্সাচালক সন্থা। প্ৰায় তিনিটা মাহৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মটৰ ৰিক্সাৰ ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰে। ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে এতিয়া হাঁহি বিৰিঙিছে ৰিক্সাচালকসকলৰ মাজত। এতিয়াৰে পৰা মটৰ বিচ্ছিন্ন কৰা ৰিক্সাসমূহে পুনৰ সংযোগ কৰিব পাৰিব মটৰ।

শেহতীয়া বাতৰি