বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। শ্বহীদক লৈ কৰা মন্তব্যক ‘ব্যক্তিগত মন্তব্য’ হিচাপে বিবেচিত কৰি জামিন মঞ্জুৰ কৰে উচ্চ ন্যায়ালয়ে।
ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে কয়, ‘‘কোভিড–১৯ৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এগৰাকী মহিলা অভিযুক্তক তদন্তৰ খাতিৰত জিম্মাত ৰখাৰ প্ৰয়োজনীয়তা নাই।’’
উল্লেখযোগ্য যে ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানক লৈ আপত্তিজনক মন্তব্য কৰিছিল শিখা শৰ্মাই। নিজৰ ফেচবুক ৱালত তথাকথিত লেখিকাগৰাকীয়ে লিখিছিল, ‘‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়৷ তেনেকৈ হ’লে বিদ্যুৎপুষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ৷ ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম।’’
শ্বহীদক কৰা এই অপমানক লৈ শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুই অধিবক্তাই। অধিবক্তা উমী ডেকা বৰুৱা আৰু কংগনা গোস্বামী ভৰদ্বাজে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 24, 2021, 16:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।