কোৰোণাৰ সংক্ৰমণ যাতে বাঢ়ি নাযায় তাৰ বাবে চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি–নিৰ্দেশনা। কিন্তু চৰকাৰী নীতি–নিৰ্দেশনালৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি ওলাই আহিছে জনতা।
কোৰোণাৰ সংক্ৰমণ যাতে বাঢ়ি নাযায় তাৰ বাবে চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি–নিৰ্দেশনা। কিন্তু চৰকাৰী নীতি–নিৰ্দেশনালৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি ওলাই আহিছে জনতা।
চৰকাৰী নীতি–নিয়মক ভেঙুচালি তিনিচুকীয়াৰ একাংশ লোকৰ। কোৰোণা ভাইৰাছলৈ যেন কেৰেপে নকৰে এইসকল লোকে। চৰকাৰে বাৰে বাৰে সাৱধান কৰাৰ পিছতো কথা নালাগে গাত। তিনিচুকীয়াৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত এটা বেংকত দেখা গ’ল জনতাৰ ব্যাপক ভিৰ। তদুপৰি, ৰাজহুৱা স্থানতো ভিৰ কৰিছে জনতাই।
কোৰোণাৰ সংক্ৰমণ যাতে বাঢ়ি নাযায় তাৰ বাবে চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি–নিৰ্দেশনা। কিন্তু চৰকাৰী নীতি–নিৰ্দেশনালৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি ওলাই আহিছে জনতা। তালাপ আৰক্ষী চকীৰ অন্তৰ্গত আছাম গ্ৰামীণ বিকাশ বেংকত দেখা গ’ল জনতাৰ দীঘলীয়া লানি। নাই কোনো সামাজিক দূৰত্ব, বহুতৰে মুখত নাই মাস্ক।
আনহাতে সন্ধিয়া ৭ বজাৰ পৰা সমগ্ৰ অসমতে সান্ধ্য আইন জাৰি কৰা হৈছে যদিও চৰকাৰী নিৰ্দেশনালৈ ভ্ৰূক্ষেপ নাই একাংশ লোকৰ। নিৰ্ধাৰিত সময়ৰ পিছতো একাংশ দোকানীয়ে খোলা ৰাখে নিজৰ দোকান। নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী অধিক কঠোৰ হৈছে যদিও জনসাধাৰণ নিজেই সচেতন নহ’লে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে কোৰোণা মহামাৰীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|